ETV Bharat / city

ধুবুৰীৰ গদাধৰ নৈত মৃতদেহ উদ্ধাৰ - আৰক্ষী

ধুবুৰীৰ নৈত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহটো ৷

One Dead body Recovered At Dhubri
ধুবুৰীৰ গদাধৰ নৈত মৃতদেহ উদ্ধাৰ
author img

By

Published : Jul 14, 2020, 3:31 PM IST

ধুবুৰী, 14 জুলাইঃ ধুবুৰীৰ গদাধৰ নৈত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ। মৃত যুৱকজনৰ নাম ৰাজ আলী (২৩) ৷ধুবুৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত গদাধৰ নৈত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ । প্ৰথমে স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি উক্ত ঘটনাটো ধুবুৰী আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

ধুবুৰীৰ গদাধৰ নৈত মৃতদেহ উদ্ধাৰ

ইফালে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই পৰিয়ালৰ লোকে চিনাক্ত কৰে যুৱকজনৰ মৃতদেহটো । মৃত যুৱকজন ধুবুৰী সদৰ চহৰৰ ইন্দিৰা গান্ধী পথৰ চৈধ্য নম্বৰ ৱাৰ্ডৰ সোমেৰ আলীৰ পুত্ৰ ৰাজ আলী (২৩) বুলি চিনাক্ত কৰা হৈছে। পৰিয়ালৰ লোকে জনোৱা মতে,যোৱা ১২ জুলাইৰ পৰা সন্ধানহীন হৈ আছিল ৷ আৰু মৃত যুৱক জন মানসিক ৰোগত আক্ৰান্ত আছিল বুলি সাংবাদিকৰ আগত সদৰি কৰে পৰিয়ালে ৷ যুৱকজন নৈ খনত পৰি যোৱাৰ ফলতেই মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে । উক্ত ঘটনাটোৰ বাবে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটো ৷

লগতে পঢ়ক- নিশা ফাৰ্মাচিটিকেল কোম্পানীত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.