ধুবুৰী, 24 জুন : ধুবুৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । বৈদ্যুতিক বিজুতিৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত প্ৰায় 30 লক্ষাধিক টকাৰ সম্পত্তিকে ধৰি বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জুইত জাহ যায় ৷
ঘটনাটো বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী কলেজ ৰোডৰ বটেৰতলত ৷ আনোৱাৰ আলী নামৰ ব্যক্তিগৰাকীৰ তিনি পুত্ৰ ৰাতুল ইছলাম চৌধুৰী, কামৰুজ্জামান, খাইৰুজ্জামানৰ 5টা বাসগৃহ জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ বৈদ্যুতিক বিজুতিৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ ফলত তিনিটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটে ৷ যাৰ ফলত জুইয়ে ব্যাপক ৰূপ ধাৰণ কৰে ৷ অৱশ্যে অগ্নিনিৰ্বাপত বাহিনীৰ চাৰিখনকৈ বাহনে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডৰ ফলত পৰিয়ালকেইটাৰ বিস্তৰ ক্ষতিসাধণ হয় ৷
লগতে পঢ়কঃ বৰপেটাৰ হাউলীৰ প্ৰাচীন ৰাস মন্দিৰ ৰংগমঞ্চত অগ্নিকাণ্ড