ETV Bharat / city

ধুবুৰীত ছাত্ৰী অপহৰণ

ধৃত অপহৰণকাৰী ছাত্ৰক আটক কৰি আদালতলৈ প্ৰেৰণ

author img

By

Published : Mar 11, 2019, 3:09 AM IST

অপহৃতা ছাত্ৰী গৰাকী

ধুবুৰী,১০ মাৰ্চ: ধুবুৰীৰ পশ্চিম বিলাসীপাৰাৰ আঙ্গাৰকাটা ২য় খণ্ড গাঁৱত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনা । গাঁওখনৰ আন্তাজ আলী নামৰ শিক্ষকজনৰ ১৭ বছৰীয়া পুত্ৰই একে গাঁৱৰে ১৭ বছৰীয়া তথা উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ এগৰাকী ছাত্ৰীক কেইদিনমান পূৰ্বে অপহৰণ কৰে । ইপিনে ছাত্ৰীগৰাকীক অপহৰণৰ পাচতে নাবালক ছাত্ৰজনৰ পৰিয়ালৰ লোকে আদালতত ভুৱা বয়সৰ প্ৰমাণ পত্ৰ উলিয়াই বলপূৰ্বকভাৱে ধৰ্মীয় কাজিৰ হতুৱাই দুয়োৰে বিয়া কৰাই লয়।

ধুবুৰীত ছাত্ৰী অপহৰণ

আনহাতে নাবালিকা ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে বগৰীবাৰী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে । যাৰ ভিত্তিতআত্মগোপন কৰি থকা নাবালক ছাত্ৰজন সহ অপহৃতা ছাত্ৰী গৰাকীক আৰক্ষীয়ে দেওবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পাচত আৰক্ষীয়ে নাবালিকা ছাত্ৰীগৰাকীক তেওঁৰ পৰিয়ালক চমজাই দিয়ে আৰু অপহৃতা ছাত্ৰী গৰাকীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত নাবালক ছাত্ৰজনক আদালতলৈ প্ৰেৰণ কৰে।

SLUG- A_DHB_810_815_10MARCH_KIDNAP_ARREST_VIS+BYTE_SHAHANUR
Date - 10/3/19
( Files send through FTP )

      Anchor:- এগৰাকী নাবালিকা ছাত্ৰী অপহৰণ কাণ্ড। অপহৰণকাৰী জনো এজন নাবালক ছাত্ৰ। আজি নাবালিকা ছাত্ৰী গৰাকী সহ অপহৰণকাৰী ছাত্ৰ জনক বগৰীবাৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

     vo:- ধুবুৰীৰ পশ্চিম বিলাসীপাৰাৰ আঙ্গাৰকাটা ২য় খণ্ড গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনাৰ। গাঁও খনৰ আন্তাজ আলী নামৰ শিক্ষক জনৰ ১৭ বছৰীয়া নাবালক পুত্ৰ এজনে সংঘটিত কৰে এই কাৰ্য। নাবালক ছাত্ৰ জনে একে খন গাঁৱৰ ১৭ বছৰীয়া তথা উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰী এগৰাকীক কেইদিন মান পুৰ্বে অপহৰণ কৰি নিয়ে। ছাত্ৰী গৰাকীক অপহৰণ কৰি নিয়াৰ পিছতে নাবালক ছাত্ৰ জনৰ পৰিয়ালৰ লোকে আদালতত ভুৱা বয়সৰ প্ৰমাণ পত্ৰ উলিয়াই ধৰ্মীয় কাজিৰ হতুৱাই গোপনে বিয়া কৰাই লয়। নাবালিকা ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে বগৰীবাৰী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত দাখিল কৰা এজাহাৰৰ ভিত্তিত  আত্মগোপন কৰি থকা নাবালক ছাত্ৰ জন সহ অপহৃতা ছাত্ৰী গৰাকীক আজি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। পিছত নাবালিকা ছাত্ৰী গৰাকীক তেঁওৰ পৰিয়ালক চমজাই দিয়ে। আৰু অপহৃতা ছাত্ৰী গৰাকীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত থানা খনত ৩৯/১৯ নম্বৰত আৰু ৪৪৮/৩৬৩/৩৪৪/৫০৬/৩৪ ধাৰাত ৰুজু কৰা গোচৰৰ মৰ্মে নাবালক ছাত্ৰ জনক আদালতলৈ প্ৰেৰণ কৰে।
নবালিকা ছাত্ৰী গৰাকীক অপহৰণ কাণ্ডৰ সৈতে জড়িত তথা নাবালক নাবালিকা ছাত্ৰ ছাত্ৰী দ্বয়ক অবৈধ ভাবে বিয়া পাতি দিয়া কাৰ্যত জড়িত প্ৰতিজন লোকক আইনৰ আওতালৈ আনি শাস্তি প্ৰদানৰ দাবী তুলিছে নাবালিকা গৰাকীৰ পৰিয়ালে।

Byte:-
১ অপহৃতা ছাত্ৰী ,
২- নাবালিকা গৰাকীৰ আত্মীয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.