ETV Bharat / city

দক্ষিণ শালমাৰাত অব্যাহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ - movement

দক্ষিণ শালমাৰা খণ্ড উন্নয়ন কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীসকলে ৷

দক্ষিণ শালমাৰাত অব্যাহত ঠিকা ভিত্তিক কৰ্মচাৰীৰ "কৰ্ম বিৰতি"
author img

By

Published : Oct 12, 2019, 12:21 AM IST

ধুবুৰী,11 অক্টোবৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ঠিকা ভিত্তিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী সকলে বিগত সাত দিন ধৰি অব্যাহত ৰাখিছে কৰ্ম বিৰতি কাৰ্যসূচী ৷ কিন্তু এতিয়ালৈকে প্ৰতিবাদকাৰীসকলৰ প্ৰতি সামান্যতমো সঁহাৰি নাই অসম চৰকাৰৰ ৷ আন দিনাৰ দৰে শুক্ৰবাৰেও দক্ষিণ শালমাৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে এইসকল প্ৰতিবাদকাৰীয়ে ৷

মূলত চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধিৰ দাবীৰে চলি থকা কৰ্মচাৰীসকলৰ এই আন্দোলনে দক্ষিণ শালমাৰা অঞ্চলত লাভ কৰিছে ব্যাপক জনসমৰ্থন ৷ আজি দক্ষিণ শালমাৰা মানকাচাৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ ছৰিফুল ইছলাম প্ৰধানীয়ে ধৰ্ণাস্থলীত উপস্থিত হৈ আন্দোলনকাৰীসকল ন্যায্য দাবীৰ প্ৰতি নিজৰ সমৰ্থন ব্যক্ত কৰাৰ লগতে চৰকাৰক প্ৰতিবাদকাৰীসকলৰ প্ৰতি সন্মান জনাই দাবীবোৰ গ্ৰহণ কৰি কৰ্মচাৰী সকলক ৰাইজৰ সেৱা কৰাত সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনাই ৷ ইফালে দক্ষিণ শালমাৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰী সন্থাৰ সদস্য মোছলেম উদ্দিন চৌধুৰীয়ে চৰকাৰে তেওঁলোকৰ দাবীসমূহ মানি নল'লে আগন্তুক দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি চৰকাৰক সকিয়নী প্ৰদান কৰে ৷

Intro:দক্ষিণ শালমাৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত ঠিক ভিত্তিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীৰ "কৰ্ম বিৰতি" পালন।Body:অসমৰ ভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা খণ্ড উন্নয়ন বিষয়াৰ অন্তৰ্গত ঠিক ভিত্তিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী সকলে আজি সাত দিন ধৰি তেখেত সকলৰ ন্যায্য দাবী লৈ কৰ্ম বিৰতি পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে ।কিন্তু কোনো গুৰুত্ব কোনো সঁহাৰি নাই অসম চৰকাৰৰ ।আজি দক্ষিণ শালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ শৰিফুল ইছলাম প্ৰধানীয়ে তেখেত সকলৰ ন্যায্য দাবীৰ প্ৰতি সন্মান আৰু সমৰ্থন জনাই তাত উপস্থিত হৈ তেখেত সকলক সহযোগিতা আগবঢ়াই কয় আজি সাত দিন ধৰি চলি থকা তেখেত সকলৰ ন্যায় প্ৰাপ্তিৰ দাবীত অসম চৰকাৰ বা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কোনো এজন উচ্চ পদস্থ বিষয়া তাত উপস্থিত হৈ তেখেত সকলৰ দাবী খিনি শুনিবলৈ আৰু পৰিস্থিৰ বুজ লবলৈ সময় নাপালে । অসমৰ চৰকাৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগলৈ আহ্বান জনাই কয় চৰকাৰে অতি সোনকালে তেখেত সকলৰ ন্যায্য দাবীৰ প্ৰতি সন্মান জনাই দাবীবোৰ গ্ৰহণ কৰি কৰ্মচাৰী সকলক ৰাইজৰ সেৱা কৰাত সুবিধা প্ৰদান কৰি দিব লাগে । দক্ষিণ শালমাৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকা ভিত্তিক কৰ্মচাৰী সন্থাৰ সদস্য মোছলেম উদ্দিন চৌধুৰীয়ে কয় চৰকাৰে আমাৰ দাবীবোৰ মানি নললে আগন্তুক দিন তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি চৰকাৰক সকীয়নী প্ৰদান কৰা হয়।Conclusion: উল্লেখযোগ্য যে, এই কৰ্ম বিৰতি কাৰ্যসূচীত উপস্থিত থাকে দক্ষিণ শালমাৰা ঠিক ভিত্তিক কৰ্মচাৰী পৰিষদৰ সভাপতি জাহাঙ্গীৰ আলম আৰু সম্পাদক ছাদ্দাম হোছেন লগতে উপস্থিত থাকে ফকিৰগঞ্জ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জাকিৰুল ইছলাম আৰু সাধাৰণ সম্পাদক ঋত্বিক ৰৌচনকে ধৰি কেইবাজনো।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.