ধুবুৰী, 6 আগষ্ট : ধুবুৰী জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা । জিলাখনত আজিলৈকে আক্ৰান্ত হৈছে ১৩৮১ জন লোক ৷ ইয়াৰে ভিতৰত সুস্থ হৈ উঠিছে মুঠ ১০০০ জন ৰোগী । এতিয়াও চিকিৎসাধীন হৈ আছে ৩৮১ জন ৰোগী । জিলাখনত মৃতকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পাইছে ।
দুদিনমান পূৰ্বে গৌৰীপুৰৰ এজন ষাঠিৰ উৰ্ধৰ বৃদ্ধ কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছত বুধবাৰে জি এম চি এইচত চিকিৎসাধীন অৱস্থাত থকা কোভিড যোদ্ধা তথা ৰাষ্ট্ৰীয় অন্ধত্বকৰণ নিবাৰণ সমিতিৰ জিলা আঁচনিৰ প্ৰবন্ধক মনোজ ৰয়ৰ বুধবাৰে মৃত্যু হয় । জানিব পৰা মতে,যোৱা ২৯ আগষ্টত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল মনোজ ৰয়ৰ দেহত । আনহাতে মনোজ ৰয়ৰ দুয়োটা কিডনী বিকল হৈ পৰিছিল । তাৰ পিছতেই জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল স্বাস্থ্য বিভাগৰ কোভিড যোদ্ধাগৰাকীক ।
ইপিনে বুধবাৰে নিশা ধুবুৰী অসামৰিক চিকিৎসালয়ত মৃত্যু হয় বিলাসীপাৰাৰ শগুণমাৰী অঞ্চলৰ জয়নৱ ভানু নামৰ ৪২ বছৰীয়া মহিলাৰ । আনপিনে ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত থকা ধুবুৰীৰ ছাগলচৰা প্ৰথম খণ্ড গাঁওৰ জাহান উদ্দিন আহমেদৰ পত্নী সাফিয়া বিবি (৫৮) নামৰ বয়সীয়াল মহিলা গৰাকীৰ আজি মৃত্যু হয় ।
লগতে পঢ়কঃ কৰ'ণাত আক্ৰান্ত হৈ মৃত্য়ুক সাৱটিলে এগৰাকী অভিযন্তাই