ধুবুৰী, 23 জুন : বিজেপিক উফৰাবলৈ টঙালি বান্ধিছে কংগ্ৰেছ-এ আই ইউ ডি এফে । ২০২১ ত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত হ'ব ৰাজনৈতিক মিত্ৰতা । এসময়ত "হু ইজ বদৰুদ্দিন" বুলি কোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈসহ প্ৰদেশ কংগ্ৰেছৰ প্ৰায় প্ৰতিগৰাকী কংগ্ৰেছ নেতাই এ আই ইউ ডি এফৰে মিত্ৰতাৰ প্ৰস্তাৱ মানি লোৱা পৰিলক্ষিত হৈছে ।
![CONGRESS AIUDF ALLIANCE](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-01-03-23june-cong-aiudf-alliance-visbyte-7203850_23062020122515_2306f_00721_767.jpg)
নিৰ্বাচনৰ আগে আগে কংগ্ৰেছ আৰু বিজেপিৰ মিত্ৰতাৰ প্ৰসংগটোৱে বাৰুকৈয়ে চৰ্চা লাভ কৰিছে ৰাজ্যৰ ৰাজনৈতিক মহলত । এনে সময়তে ধুবুৰীত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা আই টি চেলৰ অধ্যক্ষ অপূৰ্ব ভট্টাচাৰ্যই মিত্ৰতাৰ কথা এতিয়াও নিশ্চিত হোৱা নাই বুলি উল্লেখ কৰে । অৱশ্যে তেওঁ বি টি আৰৰ নিৰ্বাচনত মিত্ৰতাৰে নিৰ্বাচন খেলিব বুলি উল্লেখ কৰে । লগতে ছেমি ফাইনেলত জয়ী হোৱাৰ লগতে ফাইনেলত জয়ী হ'ব বুলিও আশা প্ৰকাশ কৰে ।
আনহাতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত মিত্ৰতা হ'লে ধুবুৰী জিলাৰ কংগ্ৰেছ নেতা মহিবুল হক, গুল আখতাৰা বেগম, ৱাজেদ আলী চৌধুৰী আৰু ডা0 মতিয়াৰ ৰহমান মণ্ডলসহ কেইবাজনৰ নিৰ্বাচনী অংকত আউল লগাটো নিশ্চিত বুলি চৰ্চা চলিছে ৰাজনৈতিক মহলত । কাৰণ আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ টাৰ্গেট হৈছে ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টি, মানকাচৰ সমষ্টি, গৌৰীপুৰ সমষ্টি, বিলাসিপাৰা পশ্চিম সমষ্টি । ইপিনে কংগ্ৰেছৰ জয় হ'লে পুনৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছলৈ ঢাপলি মেলিলে কংগ্ৰেছে কি কৰিব বুলি সোধাত তেওঁ কয় যে, আমি তেওঁলোকৰ দৰে ভৱিষ্যৎ বাণী নকৰো । প্ৰদেশ কংগ্ৰেছৰ নেতা অপূৰ্ব ভট্টাচাৰ্য্যই লগতে বিজেপি বিৰোধী সকলো মঞ্চ তথা দলক একত্ৰিত হ'বলৈ আহ্বান জনায় ।
লগতে পঢ়ক: পুৰীত আৰম্ভ হ'ল জগন্নাথ ৰথযাত্ৰা