ধুবুৰী, 30 জানুৱাৰী: ৰাজ্যৰ হিন্দী ভাষীৰ বিকাশ পৰিষদৰ উপাধ্যক্ষ হিচাপে নৱনিযুক্তি তথা দায়িত্বভাৰ গ্ৰহণ কৰা ভাগিৰথ ওজা আজি ধুবুৰীত উপস্থিত হয় ৷ ধুবুৰীত উপস্থিত হোৱাৰ লগে লগে বিজেপিৰ ধুবুৰী জিলা কমিটীৰ তৰফৰ পৰা বাইক ৰেলীৰে আদৰিণী জনাই।
ধুবুৰীত জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালৰ লগতে দলীয় কৰ্মী তথা সমৰ্থক সকলে সম্বৰ্ধনা জনায় উপাধ্যক্ষ ভাগিৰথ ওজাক । দৰাচলতে কথাৰে নহয় কামেৰে পৰিচয় , বিজেপি চৰকাৰে পাঁচ বছৰত চৰাঞ্চলৰ পৰা আৰম্ভ কৰি চহৰ নগৰত যথেষ্ট উন্নায়ন কৰিছে ৷ এইবাৰ বিধানসভা নিৰ্বাচন 2021ত ধুবুৰী সমষ্টিৰ পৰা বিজেপি দলৰ বিধায়ক হোৱাতো 100 শতাংশ নিশ্চিত বুলি দাবী কৰে ভাগিৰথ ওজাই ৷
লগতে ওজাই কয় যে, ধুবুৰীবাসী ৰাইজক এ আই ইউ ডি এফে তলা মাৰি ৰাখিছিল যদিও এইবাৰ ধুবুৰী ৰাইজৰ হাতত থকা চাবিৰে এ আই ইউ ডি এফৰ তলা খুলি বদৰুদ্দিন আজমলক নিজৰ ঠাইলৈ পঠিয়াই দিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে নৱ নিযুক্ত হিন্দী ভাষীৰ বিকাশ পৰিষদৰ উপাধ্যক্ষ ভাগীৰথ ওজাই। ইপিনে ভাগীৰথ ওজাক হিন্দী ভাষীৰ বিকাশ পৰিষদৰ উপাধ্যক্ষ পদত নিযুক্তি দিয়াটো নিঃশ্চিত ভাবেই ভাল খবৰ বুলি উল্লেখ কৰে জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালে।
লগতে পঢ়ক-বদৰুদ্দিন আজমল চৰম সাম্প্ৰদায়িক মানুহ: আমিনুল হক লস্কৰ