ধুবুৰী, 11 আগষ্ট: স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন ৷ দেশ তথা ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলাটো চলিছে স্বাধীনতা উদযাপনৰ ব্যাপক প্ৰস্তুতি ৷ সমান্তৰাল ভাবে নিৰাপত্তাৰ দিশতো চোকা দৃষ্টি ৰাখিছে আৰক্ষী বাহিনীয়ে ৷ ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত কেন্দ্ৰীয় ভাবে উদযাপন কৰা হব দেশৰ ৭৩ তম স্বাধীনতা দিৱস ৷ সেই উপলক্ষে যোৱা কিছুদিনৰ পৰা স্থানীয় ভোলানাথ মহাবিদ্যালয়, জৱাহৰ নবোদয় বিদ্যালয়, চৰকাৰী ল'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বিভিন্ন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীবোৰে পেৰেড অনুশীলন আৰম্ভ কৰিছে ৷ প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলিৰ ভাগত দুবাৰকৈ পেৰেড অনুশীলন কৰা থকা হৈছে ৷ আনহাতে স্বাধীনতা দিৱসৰ সময়ত যাতে কোনো কূটাঘাতমূলক ঘটনা সংঘটিত নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে আৰক্ষী তথা জিলা প্ৰশাসনে ৷
সমাগত স্বাধীনতা দিৱস : তুংগত প্ৰস্তুতি - Dhubri
73 তম স্বাধীনতা দিৱসলৈ মাজত আৰু মাত্ৰ তিনিটা দিন ৷ ধুবুৰীত পূৰ্ণগতিত চলিছে প্ৰস্তুতি ৷ সষ্টম আৰক্ষী-প্ৰশাসন ৷
ধুবুৰী, 11 আগষ্ট: স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন ৷ দেশ তথা ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলাটো চলিছে স্বাধীনতা উদযাপনৰ ব্যাপক প্ৰস্তুতি ৷ সমান্তৰাল ভাবে নিৰাপত্তাৰ দিশতো চোকা দৃষ্টি ৰাখিছে আৰক্ষী বাহিনীয়ে ৷ ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত কেন্দ্ৰীয় ভাবে উদযাপন কৰা হব দেশৰ ৭৩ তম স্বাধীনতা দিৱস ৷ সেই উপলক্ষে যোৱা কিছুদিনৰ পৰা স্থানীয় ভোলানাথ মহাবিদ্যালয়, জৱাহৰ নবোদয় বিদ্যালয়, চৰকাৰী ল'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বিভিন্ন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীবোৰে পেৰেড অনুশীলন আৰম্ভ কৰিছে ৷ প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলিৰ ভাগত দুবাৰকৈ পেৰেড অনুশীলন কৰা থকা হৈছে ৷ আনহাতে স্বাধীনতা দিৱসৰ সময়ত যাতে কোনো কূটাঘাতমূলক ঘটনা সংঘটিত নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে আৰক্ষী তথা জিলা প্ৰশাসনে ৷
Body: সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত কেন্দ্ৰীয় ভাবে উদযাপন কৰা হব দেশৰ ৭৩ তম স্বাধীনতা দিৱস। স্বাধীনতা দিৱস লৈ মাজত মাথোঁ তিনিটা দিন বাকী থকাৰ সময়তে প্ৰস্তুতি তুংগত উঠিছে জিলা প্ৰশাসনৰ। স্বাধীনতা দিৱস উপলক্ষে যোৱা কেইটা দিনৰ পৰা আৰক্ষী আৰু ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়, জৱাহৰ নৱদায় বিদ্যালয়, ধুবুৰী চৰকাৰী লৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ধুবুৰী চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বিভিন্ন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীবোৰে পেৰেড অনুশীলন কৰি আহিছে। প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলিৰ ভাগত দুবাৰকৈ পেৰেড অনুশীলন কৰা হৈছে।
আনহাতে ধুবুৰীত স্বাধীনতা দিৱসৰ সময়ত যাতে খেল পথাৰ খনত কোনো কূটাঘাত মূলক ঘটনা সংঘটিত নহয় বা কোনো উগ্ৰপন্থীৰ টাৰ্গেট হব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে জিলা আৰক্ষী প্ৰশাসনে।
Conclusion: মুঠৰ ওপৰত আগন্তক স্বাধীনতা দিৱস লৈ জিলা প্ৰশাসন আৰু জিলা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা পূৰ্ণ প্ৰস্তুতি চলাই থকা হৈছে।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।