ETV Bharat / business

অসমীয়াৰ জয় ! তিনিচুকীয়া জংচনত শুনিবলৈ পোৱা গ'ল অসমীয়া ঘোষণা - অসমীয়া ভাষা

অৱশেষত গা-লৰিল উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৷ দল-সংগঠনৰ প্ৰতিবাদত সেও তিনিচুকীয়া ৰেল সংমণ্ডলে ৷ দীৰ্ঘদিনৰ অন্তত পুনৰ অসমীয়া ভাষাত ঘোষণা আৰম্ভ হ'ল তিনিচুকীয়া জংছনত ৷

অসমীয়াৰ জয় ! তিনিচুকীয়া জংচনত শুনিবলৈ পোৱা গ'ল অসমীয়া ঘোষণা
author img

By

Published : Jul 3, 2019, 10:48 PM IST

Updated : Jul 4, 2019, 9:29 AM IST

তিনিচুকীয়া, 3 জুনঃ কেন্দ্ৰীয় চৰকাৰে বাৰম্বাৰ বঞ্চনা কৰি অহা অসমবাসীৰ বাবে সুখবৰ ৷ দীৰ্ঘদিন ধৰি বন্ধ কৰি ৰখা অসমীয়া ভাষাৰ ঘোষণা পুনৰ আৰম্ভ কৰিছে উত্তৰ-পূব সীমান্ত ৰেলৱে ৷ তিনিচুকীয়া জংচনত বন্ধ হৈ আছিল অসমীয়া ভাষাৰ ঘোষণা ৷ কিন্তু মংগলবাৰৰ পৰা পুনৰ আৰম্ভ হয় অসমীয়া ভাষাৰ ঘোষণা ৷ ছফটৱেৰৰ দোহাই দি তিনিচুকীয়া জংচনত বন্ধ কৰি ৰখা হৈছিল অসমীয়া ভাষাৰ ৰেলৱে ঘোষণা ৷ বহুকেইটা ছাত্ৰ সংগঠনৰ প্ৰতিবাদৰ অন্তত মঙলবাৰৰ পৰা আৰম্ভ হয় অসমীয়া ভাষাৰ ঘোষণা ৷ চাঁওক আমাৰ এই বিশেষ প্ৰতিবেদন.....

অৱশেষত অসমীয়াত ঘোষণা আৰম্ভ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ

Intro:STORY:- অসমীয়া ভাষাৰ ঘোষণাক জ্বলাঞ্জলি তিনি চুকীয়া ৰেলবেৰ:: দল-সংগঠনৰ সকীয়নিত দীৰ্ঘদিন বন্ধ হৈ থকা অসমীয়া ঘোষণা মঙ্গল বাৰৰ পৰা পুনৰ আৰম্ভ কৰিলে এন. এফ.ৰেলৱে

Intro:- অসমতেই অসমীয়া ভাষাক গুৰুত্বহীন কৰি তুলিছে ভাৰতীয় ৰেল বিভাগে। দল সংগঠনৰ সকীয়নিত গা লৰিল উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱেৰ। চাওক আমাৰ এক প্ৰতিবেদন

Body:GFX:-অসমীয়া ভাষাক অৱজ্ঞা ৰেলৱেৰ

GFX:-দল সংগঠনৰ সকীয়নিত নিউ তিনিচুকীয়া জংচনত বন্ধ হৈ থকা অসমীয়া অনুভাষ ঘোষণা পুনৰ আৰম্ভ

VO:-হয়,ভাৰতীয় ৰেল বিভাগে এইবাৰ অসমীয়া ভাষা ক অৱজ্ঞা কৰা ঘটনা সংঘটিত হৈছে।বিভাগটোৰ অধীনত থকা উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া সংমণ্ডলৰ তত্ত্বাৱধানত থকা নিউ তিনিচুকীয়া জংচন দীৰ্ঘদিন ধৰি অসমীয়া অনুভাষ ঘোষণা বন্ধ কৰি ৰাখিছিল তিনিচুকীয়া মাণ্ডলীক কাৰ্যালয়ে। এই কথা দল-সংগঠন সমূহৰ কাণত পৰাত ৰেলৱেৰ বিৰুদ্ধে জাঙুৰ খাই উঠে আছু, মৰাণ ছাত্ৰ সন্থা,AJYCP। এক জুলাইত সংগঠন কেইটাই ৰেলৱেৰ মাণ্ডলীক প্ৰবন্ধকক সাক্ষাৎ কৰি নিউ তিনিচুকীয়া জংচন ত অসমীয়া ঘোষণা কাৰ নিৰ্দেশত বন্ধ কৰা হৈছে, অসমতেই অসমীয়া ভাষাক কৰা অৱজ্ঞা কেতিয়াও সহ্য নকৰা নহব বুলি স্পষ্ট কৰি দি সংগঠন কেইটাই অতি শ্ৰীঘ্ৰেই অসমীয়া ভাষাৰ ঘোষণা আগবঢ়াবলৈ চূড়ান্ত সকীয়ানি প্ৰদান কৰি অহাৰ পিছতে মংগল বাৰে অসমীয়া ভাষাৰ ঘোষণা তিনিচুকীয়া জংচনত শুনিবলৈ পাই যাত্ৰী সকলে।ইফালে দল-সংগঠন সমূহৰ হুংকাৰত সেও মানি নতুন ছফ্টৱেৰ বিজুতিৰ বাবে বন্ধ হোৱা বুলি দায় সৰা মন্তব্য প্ৰকাশ কৰি মঙ্গল বাৰৰ পৰা পুনৰ অসমীয়া ঘোষণা চলাৰ কথা উল্লেখ কৰে জংচন অধীক্ষক গৰাকীয়ে---

BYET:-ষ্টেচন,অধীক্ষক, নিউ তিনিচুকীয়া জংচন।

VO2:- ইয়াৰ পিছতেই বুধবাৰে ইটিভি ভাৰতৰ আগত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰুণজ্যোতি মৰানে প্ৰতিক্ৰিয়া ব্যক্ত কৰে এনেদৰে--

BYET:-অৰুণজ্যোতি মৰাণ, সভাপতি,সদৌ মৰাণ ছাত্ৰ সন্থা।

ENd:-কেন্দ্ৰীয় চৰকাৰৰ গৰিষ্ঠ সংখ্যক বিভাগে এনেদৰে অসমীয়া ভাষাটোক অসমত উপলুঙা কৰি অহা দেখিও ৰাজ্য চৰকাৰে নীৰৱ দর্শক হৈ চাই থকা কার্যক তীব্ৰ সমালোচনা কৰিছে ৰাজ্য বাসীয়ে।

Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱালৰ ৰিপৰ্ট ইটিভি ভাৰত অসম।
Last Updated : Jul 4, 2019, 9:29 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.