ETV Bharat / business

The Big Billion Days 2022: লাগিছে Sale, কৰক বজাৰ, নিজকে দিয়ক উপহাৰ

author img

By

Published : Sep 14, 2022, 9:25 PM IST

২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব E-commerce ক্ষেত্ৰৰ Amazon আৰু Flipkartৰ উৎসৱৰ চিজন ‘চেল’ । ‘Amazon Great Indian Festival’ আমাজন ইণ্ডিয়াত ২৮ দিনৰ পৰা ২৯ দিনলৈ চলিব, আনহাতে ফ্লিপকাৰ্টে ‘The Big Billion Days 2022’ ছেপ্টেম্বৰৰ শেষলৈকে চলিব বুলি ঘোষণা কৰিছে ।

AMAZON GREAT INDIAN FESTIVAL THE BIG BILLION DAYS 2022 SALE STARTS 23 SEPTEMBER
লাগিছে Sale, কৰক বজাৰ, নিজকে দিয়ক উপহাৰ

নেশ্যনেল ডেস্ক, 14 ছেপ্তেম্বৰ: ২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব E-commerce ক্ষেত্ৰৰ Amazon আৰু Flipkartৰ উৎসৱৰ চিজন ‘চেল’ । ‘Amazon Great Indian Festival’ আমাজন ইণ্ডিয়াত ২৮ দিনৰ পৰা ২৯ দিনলৈ চলিব, আনহাতে ফ্লিপকাৰ্টে ‘The Big Billion Days 2022’ ছেপ্টেম্বৰৰ শেষলৈকে চলিব বুলি ঘোষণা কৰিছে ।

আমাজন ইণ্ডিয়াৰ উপ-সভাপতি নুৰ পেটেলে(Noor Patel, Vice President, Amazon India) পিটিআইক জনোৱা মতে, “আমাৰ বিক্ৰীত আমাজন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেলত ১১ লাখ বিক্ৰেতা অন্তৰ্ভুক্ত হ’ব, ইয়াৰে দুই লাখ স্থানীয় ষ্ট’ৰ”। এইবাৰ বিশেষ কথাটো হ’ল দুবছৰ ধৰি মহামাৰীৰ পিছত এই বিক্ৰী খুব কম হৈছিল ।’ ২৩ ছেপ্টেম্বৰৰ পৰা বিক্ৰী আৰম্ভ হোৱাৰ এদিন আগতে আমাজনে নিজৰ প্ৰাইম সদস্যসকলৰ বাবে অফাৰ আৰম্ভ কৰিব ।

লগতে পঢ়ক: সৰ্বশ্ৰেষ্ঠ বীমা আঁচনিয়ে আপোনাক কেনেদৰে সহায় কৰিব ?

নুৰ পেটেলে কয় যে, উৎসৱৰ বতৰত বিভিন্ন শিতানত ২০০০ৰো অধিক নতুন অফাৰৰ আশা কৰা হৈছে । এই বিক্ৰীৰ প্ৰথম পৰ্যায়ত ভাৰতীয় ষ্টেট বেংকৰ অংশীদাৰ আৰু ইয়াৰ ডেবিট আৰু ক্ৰেডিট কাৰ্ডত(State Bank of India - SBI debit and credit cards) ১০ শতাংশ ৰেহাই লাভ কৰিব ।

তেওঁ জনোৱা মতে, দীপাৱলীৰ তিনি-চাৰি দিনৰ আগলৈকে এই বিক্ৰী চলি থাকিব । আমাজনৰ হাতত থাকিব ১৫০টাতকৈও অধিক প্ৰমোচন যিয়ে গ্ৰাহকক ৬০০ৰো অধিক লাইভ সম্প্ৰচাৰৰ জৰিয়তে ক্ৰয় কৰাত সহায় কৰিব ।

আনহাতে, অমিতাভ বচ্চন, আলিয়া ভাট, মহেন্দ্ৰ সিং ধোনী আদিৰ দৰে চেলিব্ৰিটিৰ জৰিয়তে ফ্লিপকাৰ্টে The Big Billion Days অনুষ্ঠানৰ প্ৰচাৰ কৰিব । কোম্পানীটোৱে দাবী কৰিছে যে, তেওঁলোকৰ ৪.২ লাখ বিক্ৰেতা অংশীদাৰ আছে । ফ্লিপকাৰ্টৰ গ্ৰুপৰ চিইঅ’ কল্যাণ কৃষ্ণমূৰ্থীয়ে(Kalyan Krishnamurthy, Group CEO, Flipkart) কয় যে, “ইয়াৰ কাৰ্য্যকলাপৰ জৰিয়তে বিগ বিলিয়ন ডেজ হৈছে অৰ্থনীতিক বহনক্ষমভাৱে উন্নীত কৰাৰ লগতে সমগ্ৰ দেশতে চাকৰি আৰু জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ এক প্ৰচেষ্টা ।”

লগতে পঢ়ক: ভাৰতত অৱসৰী জীৱনৰ পথ বাছি লোৱা প্ৰবাসী ভাৰতীয়ৰ বাবে বীমা পৰিকল্পনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.