ETV Bharat / business

'সোণ'- ভাৰতীয়ৰ আৰ্থিক অৱস্থা আৰু নিৰাপত্তাৰ মাপকাঠি

author img

By

Published : May 12, 2019, 8:35 PM IST

বিনিয়োগৰ বজাৰখন দশক দশক জুৰি সলনি হৈ আহিছে আৰু তাৰ লগতে সলনি হৈ আহিছে বিনিয়োগৰ মাধ্যম আৰু আহিলা ৷ নতুন নতুন বিনিয়োগৰ মাধ্যম উদ্ভাৱন হৈছে যদিও গ্ৰাহকে সোণত বিনিয়োগ কৰিবলৈ এতিয়াও আগ্ৰহ প্ৰকাশ কৰে ৷

আৰ্থিক অৱস্থা- নিৰাপত্তাৰ দিশত সোণক মাপকাঠি হিচাপে পৰিগনিত কৰে ভাৰতীয়ই

নিউজ ডেস্ক, 11 মে’: সোণৰ চাহিদা পৌৰাণিক কালৰ পৰা বাঢ়ি অহা দেখা গৈছে ৷ আশ্যৰ্যজনক কথা এই যে মে’ মাহৰ 7 তাৰিখে আছিলে অক্ষয় তৃতিয়া তিথি ৷ সোণ ব্যৱসায়ী সকলে দিয়া তথ্য মতে সেইদিনা সোণৰ দোকান সমূহত গ্ৰাহকৰ সংখ্যা আৰু বিক্ৰী 25 শতাংশ বৃদ্ধি পাইছিল ৷

বিনিয়োগৰ বজাৰখন দশক দশক জুৰি সলনি হৈ আহিছে আৰু তাৰ লগতে সলনি হৈ আহিছে বিনিয়োগৰ মাধ্যম আৰু আহিলা ৷ নতুন নতুন বিনিয়োগৰ মাধ্যম উদ্ভাৱন হৈছে যদিও গ্ৰাহকে সোণত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে ৷

‘গ্ৰেণ্ড থৰ্ণটন এডভায়জৰি’ৰ নিৰ্দেশক ৰিয়াজ থিংগনাৰৰ মতে পৰম্পৰাগত ভাৱে সোণ হৈছে আৰ্থিক অৱস্থাৰ ছবি প্ৰস্তুত কৰাৰ এদাল মাপকাথি ৷ ই সংস্কৃতিৰ লগতো জড়িত হৈ আছে আৰু ই গ্ৰাহকক সদায় এখন সুস্থিৰ বজাৰ আগবঢ়াই আহিছে ৷ ফিক্স ডিপজিত, ৰিয়েল ইষ্টেট, ষ্টক বজাৰ আদিতকৈও বেছি সুৰক্ষিত ৷ ইয়াৰ উৰপিও সোণত যিকোনো পৰিমানৰ ধন বিনিয়োগ কৰিব পাৰি যাৰ বাবে ই গ্ৰাম্যাঞ্চল সমূহত অধিক জনপ্ৰিয় ৷

2019 বৰ্ষত জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত সোণৰ মূল্য কম হোৱা বাবে ইয়াৰ চাহিদা 125.4 টন বা 5% বৃদ্ধি পাইছিল ৷ সুৰক্ষিত হোৱা বাবে ভাৰতীয় সকলে নিজৰ সঞ্চিত পুজিৰ অলপ অংশ সোণত বিনিয়োগ কৰিবলৈ বিছাৰে ৷ বিয়াত সোণ উপহাৰ দিয়াটো এটা নিয়মৰ নিচিনা, যাৰ বাবে সোণৰ বিক্ৰী প্ৰায় 50% বৃদ্ধি পায় ৷ বিশেষজ্ঞ সকলৰ মতে বিয়া-বাৰু বিলাকৰ এক অভেদ্য অঙ্গ হলেও অনাগত দিন সমূহত সোণ বিনিয়োগৰ এক আহিলা হিচাপে ব্যবহাৰ্য নহব ৷

বিগত 15-20 বছৰত সোণত বিনিয়োগ কমিছে ৷ আধুনিক ভাৰতীয়ই সোণক এক বিনিয়েগৰ আহিলা বুলি নাভাবে আৰু পৰম্পৰাগত ভাৱে সোণত হোৱা বিনিয়োগ বহু পৰিমানে কমিছে ৷ তাৰোপৰি সোণত বিনিয়োগ কৰি বিশেষভাৱে লাভবান্ধিত নাই হোৱা গ্ৰাহক সকল ৷

চৰকাৰে দুখীয়া শ্ৰেণীৰ লোকক বেঙ্ক একাউণ্ট খুলিবলৈ সুবিধা কৰি দিয়াৰ পিচত, লোকসকলে নিজৰ বেঙ্ক একাউণ্ট সমূহত ধন জমা কৰিবলৈ ধৰিছে ৷ বিগত 5 বছৰত 34 কোটি বেঙ্ক একাউণ্ট খোলা হৈছে যাৰ দ্বাৰা চৰকাৰী ধন পোনেপোনে হিতাধিকাৰীৰ একাউণ্টত জমা হয় ৷

উল্লেখযোগ্য যে সকলোৱা মানি লব নিবিচাৰিলেও সোণৰ লগত ভাৰতৰ মানুহৰ এক অটুট সম্পৰ্ক আছে ৷ সঞ্চিত ধনৰ 10-15% এতিয়াও সোণত বিনিয়োগ কৰে বুলি মন্তব্য কৰে ইণ্ডিয়া বুলিয়ন আৰু জুৱেলাৰ্চ এচ’ছিয়েচনৰ সম্পাদক সুৰেন্দ্ৰ মেহতাই ৷ ইনষ্টিটিউট অৱ চাৰ্টাড একাউন্টেণ্টচৰ প্ৰাক্তন সভাপতি বেদ জৈনৰ মতে ভাৰতীয়সকলৰ সোণ এক প্ৰিয় সম্পদ আৰু সেইবাবে ভাৰত সোণৰ ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ ডাঙৰ বজাৰ ৷

Kindly translate and embargo the story for tomorrow. Use the Images provided.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.