ETV Bharat / business

বাজেট 2020 : পাঁচটা পৰ্যায়ত চৰকাৰৰ কৰ প্ৰণালী ঘোষণা

author img

By

Published : Feb 1, 2020, 4:54 PM IST

বাজেট 2020 ত চৰকাৰে পাঁচটা পৰ্যায়ত কৰ প্ৰণালী ঘোষণা কৰে ৷ নতুন আৰু পুৰণা কৰ প্ৰণালী বিকল্পধৰ্মী বুলিও বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে ৷

কৰ শিতান
বাজেট 2020

নেশ্যনেল ডেস্ক, 1 ফেব্ৰুৱাৰী : শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে পূৰ্ণাংগ বাজেট 2020 ৷ এই বাজেটত বিত্তমন্ত্ৰী গৰাকীয়ে নতুন কৰ প্ৰণালীৰ কথা ঘোষণা কৰাৰ লগতে কয় যে, যদি কোনো এজন ব্যক্তিয়ে নিজৰ 15 লাখ পৰ্যন্ত আয়ৰ বিনিময়ত ৰেহাই ল'ব নিবিচাৰে তেন্তে তেওঁৰ ক্ষেত্ৰত কৰৰ হাৰ হ্ৰাস পাব ৷

বাজেট 2020
চৰকাৰৰ পাঁচ পৰ্যায়ৰ কৰ প্ৰণালী

নতুন কৰ নীতিত বিকল্পৰ ব্যৱস্থা থাকিব য'ত কৰদাতাই পুৰণা আৰু নতুন দুই ব্যৱস্থা অব্যাহত ৰাখিব পাৰিব ৷

এই প্ৰস্তাৱ অনুসৰি, বাৰ্ষিক 5 লাখৰ পৰা 7.5 লাখ আয় কৰা লোকে 10 শতাংশ, 7.5 লাখৰ পৰা 10 লাখ আয় কৰা লোকে 15 শতাংশ, 10 লাখৰ পৰা 12.5 লাখ আয় কৰা লোকে 20 শতাংশ, 12.5 লাখৰ পৰা 15 লাখ আয় কৰা লোকে 25 শতাংশ আৰু 15 লাখতকৈ অধিক আয় কৰা লোকে 30 শতাংশ কৰ প্ৰদান কৰিব লাগিব ৷

এই প্ৰস্তাৱৰ ফলত প্ৰতি বছৰে 40,000 কোটি টকাৰ ৰাজহ বলিদান দিব লাগিব বুলিও বিত্তমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে, এই নতুন প্ৰণালী বিকল্পধৰ্মী আৰু কোনো লোকে ইচ্ছা কৰিলে পুৰণা প্ৰণালী অব্যাহত ৰাখিব পাৰিব ৷

তেওঁ কয় যে, প্ৰতি বছৰে 15 লাখ আয় কৰা এজন লোকে নতুন প্ৰণালী গ্ৰহণ কৰিলে 78,000 টকা কৰ প্ৰদান কৰাৰ পৰা বিৰত থাকিব পাৰিব ৷

আৰু পঢ়ক : পৰ্যটনৰ প্ৰচাৰৰ বাবে 2,500 কোটি টকা আৱন্টন : বিত্তমন্ত্ৰী

Intro:Body:

Finance Minister Nirmala Sitharaman introduced new slabs and reduced the tax rate for different slabs for an individual income of up to Rs 15 lakh per annum.

New Delhi: Finance Minister Nirmala Sitharaman on Saturday introduced new slabs and reduced the tax rate for different slabs for an individual income of up to Rs 15 lakh per annum, if a taxpayer opts for foregoing exemptions and deductions.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.