ধুবুৰী,26এপ্ৰিল: ২০১৪ চনতে আৰম্ভ হোৱা ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ গোলকগঞ্জৰ এই সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰইদি সম্পূৰ্ণ বৈধ ভাবে ভাৰতৰ বনজ সম্পদ শিল আৰু কয়লা ৰপ্তানি হৈ আহিছে বাংলাদেশলৈ । এক তথ্য অনুসৰি বৰ্তমান ১৮০ ৰ পৰা ২০০ খন ট্ৰাক শিল আৰু কয়লা ৰপ্তানী হোৱাৰ ফলত প্ৰতিদিনে ভাৰত চৰকাৰে লাভ কৰিছে প্ৰায় ২০ হাজাৰ ডলাৰ । ইপিনে গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হোৱা এই ধুবুৰীৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰইদি অচিৰেই ভাৰত আৰু বাংলাদেশৰ মাজত গঢ়ি উঠিব খাদ্য সামগ্ৰীৰ বিনিময় ব্যৱস্থা৷ জানিব পৰা মতে ভাৰত আৰু বাংলাদেশৰ মাজত খাদ্য সামগ্ৰী বিনিময়ৰ ক্ষেত্ৰত হৈছে এক বিশেষ আলোচনা । সেই অনুসৰি ভাৰতৰ পৰা প্ৰায় দহ বিধ খাদ্য সামগ্ৰী ৰপ্তানি হোৱাৰ বিপৰীতে বাংলাদেশৰ পৰাও ভাৰতলৈ আমদানি হ'ব বিভিন্ন খাদ্য সামগ্ৰী ।
ধুবুৰীৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰই কঢ়িয়াই আনিছে এক আশাৰ বতৰা - গোলকগঞ্জ
প্ৰতিদিনে সোনাহাট বাণিজ্য কেন্দ্ৰৰ পৰা এক মোটা অংকৰ বিদেশী বিনিয়োগ লাভ কৰিছে যদিও আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰটোলৈ যোৱা মূল পথৰ দুৰৱস্থাই দীৰ্ঘদিনে জ্বলাকলা খুৱাইছে ৰাইজৰ লগতে ব্যৱসায়ীসকলক । এই পথছোৱাৰ মেৰামতিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি পথটো আহল-বহল কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজ তথা ব্যৱসায়ীসকলে ।
ধুবুৰী,26এপ্ৰিল: ২০১৪ চনতে আৰম্ভ হোৱা ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ গোলকগঞ্জৰ এই সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰইদি সম্পূৰ্ণ বৈধ ভাবে ভাৰতৰ বনজ সম্পদ শিল আৰু কয়লা ৰপ্তানি হৈ আহিছে বাংলাদেশলৈ । এক তথ্য অনুসৰি বৰ্তমান ১৮০ ৰ পৰা ২০০ খন ট্ৰাক শিল আৰু কয়লা ৰপ্তানী হোৱাৰ ফলত প্ৰতিদিনে ভাৰত চৰকাৰে লাভ কৰিছে প্ৰায় ২০ হাজাৰ ডলাৰ । ইপিনে গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হোৱা এই ধুবুৰীৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰইদি অচিৰেই ভাৰত আৰু বাংলাদেশৰ মাজত গঢ়ি উঠিব খাদ্য সামগ্ৰীৰ বিনিময় ব্যৱস্থা৷ জানিব পৰা মতে ভাৰত আৰু বাংলাদেশৰ মাজত খাদ্য সামগ্ৰী বিনিময়ৰ ক্ষেত্ৰত হৈছে এক বিশেষ আলোচনা । সেই অনুসৰি ভাৰতৰ পৰা প্ৰায় দহ বিধ খাদ্য সামগ্ৰী ৰপ্তানি হোৱাৰ বিপৰীতে বাংলাদেশৰ পৰাও ভাৰতলৈ আমদানি হ'ব বিভিন্ন খাদ্য সামগ্ৰী ।
Body: হয়, ধুবুৰীৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ। ২০১৪ চনত আৰম্ভ হোৱা ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ গোলকগঞ্জৰ এইখন সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ। আৰম্ভণিৰে পৰা বৰ্তমানলৈকে এইখন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰইদি সম্পূৰ্ণ বৈধ ভাবে ভাৰতৰ বনজ সম্পদ শিল আৰু কয়লা ৰপ্তানি হৈ আহিছে বাংলাদেশলৈ। জানিব পৰা মতে, বৰ্তমান ১৮০ ৰ পৰা ২০০ খন ট্ৰাক শিল আৰু কয়লা ৰপ্তানী হোৱাৰ ফলত প্ৰতিদিনে ভাৰত চৰকাৰে প্ৰায় ২০ হাজাৰ ডলাৰ বিনিয়োগ লাভ কৰিছে।
ইপিনে অচিৰেই ভাৰত আৰু বাংলাদেশৰ মাজত গঢ়ি উঠিব খাদ্য সামগ্ৰীৰ আমদানি ৰপ্তানি। কাৰণ আমাৰ হাতত পৰা তথ্য অনুসৰি ভাৰত আৰু বাংলাদেশৰ মাজত খাদ্য সামগ্ৰী আমদানি ৰপ্তানিৰ ক্ষেত্ৰত হৈছে আলোচনা। সেই অনুসৰি ভাৰতৰ পৰা চাউল ডালি, ঘেঁহু, মচলা, আটাকে ধৰি দহ বিধ খাদ্য সামগ্ৰী ৰপ্তানি হোৱাৰ বিপৰীতে বাংলাদেশৰ পৰাও চাউল, ডালি, ঘেঁহু, আটা আদি বিভিন্ন খাদ্য সামগ্ৰী ভাৰতলৈ আমদানি হব।
ইপিনে প্ৰতিদিনে ভাৰত চৰকাৰে সোনাহাট বাণিজ্য কেন্দ্ৰৰ পৰা প্ৰায় ২০ হাজাৰ ডলাৰ বিদেশী বিনিয়োগ লাভ কৰিছে যদিওঁ আন্তঃৰাষ্ট্ৰীয় সোনাহাট বাণিজ্য কেন্দ্ৰলৈ যোৱা মূল পথৰ জৰাজীৰ্ণ আৰু দুৰৱস্থাই দীৰ্ঘ দিনে জ্বলা কলা খুৱাইছে ইয়াৰ ৰাইজৰ লগতে ব্যৱসায়ী সকলক। এইখন পথৰ মেৰামতিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি পথটো আহল বহল কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজ তথা ব্যৱসায়ী সকলে।
Conclusion: উল্লেখযোগ্য যে, সঁচাকৈয়ে অনাগত দিনত ভাৰত আৰু বাংলাদেশৰ মাজত খাদ্য সামগ্ৰী আমদানি ৰপ্তানি ঘটিলে ভাৰত চৰকাৰে প্ৰতিদিনে কোটি কোটি টকাৰ বিদেশী বিনিয়োগ লাভ কৰাটো নিঃশ্চিত।
( A document send through mail )
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।