ETV Bharat / business

ৰাজ্যসমূহলৈ কেন্দ্ৰৰ বৃহৎ অৰ্থ সাহাৰ্য : 34,000 কোটি মুকলি

ৰাজ্যসমূহলৈ কেন্দ্ৰীয় চৰকাৰৰ সাহাৰ্য ৷ মুকলি কৰি দিলে 34,000 কোটি টকা ৷

author img

By

Published : Apr 8, 2020, 7:14 PM IST

34,000 কোটি মুকলি
ৰাজ্যসমূহলৈ কেন্দ্ৰৰ বৃহৎ অৰ্থ সাহাৰ্য

নেশ্যনেল ডেস্ক, 8 এপ্ৰিল : কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতে ৰাজ্যসমূহক অৰ্থনৈতিক সংকটৰ পৰা কিছু সকাহ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিত্ত মন্ত্ৰণালয়ে ৷ সেয়েহে সামগ্ৰী আৰু সেৱা কৰ (GST) শিতানত ৰাজ্যসমূহৰ ৰাজহ ক্ষতি পূৰণৰ উদ্দেশ্যে 34,000 কোটি টকা মুকলি কৰি দিছে কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ে ৷

সূত্ৰই প্ৰদান কৰা তথ্য় অনুসৰি, ৰাজ্যসমূহক নৱেম্বৰ পৰ্যন্ত বকেয়া ধন প্ৰদান কৰা হৈছে আৰু বাকী থকা ধন অতি সোনকালেই প্ৰদান কৰা হ'ব ৷

বিত্ত মন্ত্ৰণালয়ে দুটাকৈ কিস্তিত অক্টোবৰ আৰু নৱেম্বৰ মাহৰ বাবে GST ক্ষতিপূৰণ হিচাপে 34,000 কোটি টকা মঞ্জুৰ কৰিছে ৷

17 ফেব্ৰুৱাৰীত প্ৰথম কিস্তি হিচাপে 19,950 কোটি টকা মুকলি কৰা হৈছিল ৷ আনহাতে, বাকী 14,103 কোটি টকা মঙলবাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰদান কৰে ৷

কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰজোৰা লকডাউন ঘোষণা কৰাৰ ফলত ৰাজ্যসমূহে নগদ ধনৰ অভাৱত ভোগাৰ সময়তে কেন্দ্ৰই মুকলি কৰে সৰ্বমুঠ 34,053 কোটি টকা ৷

সূত্ৰৰ মতে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ GST ক্ষতিপূৰণ কৰ হিচাপে প্ৰায় 1.35 লাখ কোটি টকা মুকলি কৰি দিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.