নিউজ ডেস্ক, 19 এপ্ৰিলঃ এয়াৰটেল পেমেন্ট বেংকে শুকুৰবাৰে ঘোষণা কৰে যে ভাৰতী এক্সাৰ সাধাৰণ বীমাৰ সৈতে মিলি তেওঁলোকে এক বীমা আঁচনি মুকলি কৰিব ৷ এই বীমা আঁচনি প্ৰস্তুত কৰিব দুচকীয়া বাহনৰ বাবে ৷
এক বিবৃতি প্ৰকাশ কৰি এয়াৰটেল পেমেন্ট বেংকে প্ৰকাশ কৰে যে, উক্ত বীমা মুকলি কৰাৰ পিছতেই "মাই এয়াৰটেল এপ" আৰু "এয়াৰটেল পেমেন্ট বেংক"ত উপলব্ধ হ'ব ৷ উক্ত বীমাই ব্যক্তিগত দুৰ্ঘটনা সামৰি লোৱাৰ লগতে, তৃতীয় পক্ষৰ চুৰি আৰু খৰতকীয়া ব্যৱস্থাৰে নীৰিক্ষণ মুক্ত নবীকৰণৰ ব্যৱস্থাকো সামৰি ল'ব ৷
বিবৃতিটোত এইবুলিও উল্লেখ আছে যে,বিনাকৃত বাহনৰ ক্ষেত্ৰত গ্ৰাহকে অতিৰিক্ত ব্যয় নকৰাকৈ দুচকীয়া বাহনখন ক্ষতিগ্ৰস্ত হ’লে তাৰববে ৰক্ষা সেৱা লাভ কৰিব পাৰিব ৷