নিউজ ডেস্কঃ অ'টো মোবাইল ডীলাৰ সংস্থা FADA-ই শুকুৰবাৰে কয় যে, লক ডাউনৰ ফলত ক্ষতি হোৱা এপ্ৰিল মাহৰ কথা পাহৰি লক ডাউন সম্পূৰ্ণ খোলাৰ পাচতহে ব্যৱসায় পুনৰ আৰম্ভ কৰিব । সময়ৰ আগত ব্যৱসায়ৰ আৰম্ভ কৰি সাধাৰণ লোকৰ স্বাস্থ্য বা জীৱনৰ সৈতে কেতিয়াও আপোচ নকৰো বুলি প্ৰকাশ কৰিছে কৰিছে সংস্থাটোৱে।
সংস্থাটোৱে প্ৰকাশ কৰে যে, ইতিহাসত এয়াই প্ৰথম য'ত এটা মাহত এখনো গাড়ী বিক্ৰী হোৱা নাই । অ'টো মোবাইল কমিউনিটিৰ বাবে এইটো এক জটিল সময় । 2020 ৰ এপ্ৰিলৰ দৰে সময় যাতে আৰু কেতিয়াও উভতি নাহে তাৰেই কামনা কৰি এই কথা ব্যক্ত কৰে FADA ৰ সভাপতি আশীস হৰ্ষৰাজে ।
লক ডাউন পাচত চাহিদাৰ কি ধৰণৰ পৰিবৰ্তন হয় সেয়া সময়তহে দেখা যাব বুলি প্ৰকাশ কৰে হৰ্ষৰাজে । তেওঁ লগতে কয় চৰকাৰৰ পৰা GST হ্ৰাসৰ জৰিয়তে আৰু ঋণৰ সুদৰ হাৰ হ্ৰাসৰ জৰিয়তে সমৰ্থন লাভ কৰিছে ।