ETV Bharat / business

অহা সপ্তাহৰ পৰা পুনৰ পেট্ৰ'ল ডিজেলৰ মূল্য বৃদ্ধিৰ সম্ভাৱনা

বিশ্বজুৰি অপৰিশোধিত আৰু খুচুৰা বিক্ৰিৰ বাবে উৎপাদিত খাৰুৱা তেলৰ মূল্য বঢ়াৰ বাবে অধিক মূল্যত তেল ক্ৰয় কৰাৰ অজুহাতেৰে তৈল প্ৰতিস্থান সমূহে গ্ৰাহকৰ মূৰত মাধমাৰ মাৰি পুনৰ বৃদ্ধি কৰিব বিচাৰিছে ইন্ধনজাত তেলৰ মূল্য ।

author img

By

Published : Aug 8, 2020, 10:20 PM IST

Petrol, diesel prices may rise again from next week
অহাটো সপ্তাহৰ পৰা পুনৰ পেট্ৰ'ল ডিজেলৰ মূল্য বৃদ্ধিৰ সম্ভাৱনা

নিউজ ডেস্ক,৮ আগষ্ট: চলিত বৰ্ষৰ ৭জুনৰ পৰা একেৰাহে বাঢ়ি অহা ইন্ধনজাত তেলৰ বৰ্ধিত মূল্যই গ্ৰাহকক মাধমাৰ দি অহাৰ সময়তে পুনৰ এবাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

খাৰুৱা তেলৰ মূল্য স্থিৰ থকাৰ বাবেই বিগত সপ্তাহৰ পৰা পেট্ৰল আৰু ডিজেলৰ মূল্য অপৰিৱৰ্তিত হৈ আছিল । যোৱা এই সময়চোৱাত অপৰিশোধিত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৪২ ডলাৰৰ ওচৰা-ওচৰি হোৱা দেখিবলৈ পোৱা গৈছিল । কিন্তু বৰ্তমান এই মূল্যই প্ৰতি বেৰেলত ৪৫ ডলাৰ চুইছেগৈ । এনে প্ৰেক্ষাপটত আগন্তুক সময়চোৱাত ইয়াৰ মূল্য আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

এটা ব্যক্তিগত খণ্ডৰ তৈল প্ৰতিস্থানৰ নাম প্ৰকাশত অনিচ্ছুক এগৰাকী শীৰ্ষ বিষয়াই অৱগত কৰা অনুসৰি, "আমি অহা কেইটা দিনত তেলৰ মূল্যক লৈ পৰ্যবেক্ষণ কৰিম । যদিহে এই মূল্য স্থিতিশীল অৱস্থাত দেখা পাওঁ তেনেহ'লে দৈনিক কৰা মূল্য সংশোধনৰ ব্যৱস্থাৰ অধীনত তেলৰ খুচুৰা মূল্য পুনৰবাৰ সংশোধিত কৰাৰ সিদ্ধান্ত ল'ব পৰা যাব ।"

বৰ্তমান নতুন দিল্লীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৭৩.৫৬ টকা আৰু পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ৮০.৪৩ টকা । যোৱাটো শুক্ৰবাৰৰ পৰা এই মূল্য বৰ্তাই ৰখা হৈছিল য'ত দিল্লী চৰকাৰে ডিজেলৰ মূল্যৰ ওপৰত থকা VAT ৩০ৰ পৰা কমাই ১৬.৭৫ শতাংশ কৰি প্ৰতি লিটাৰত ৮.৩৮ টকা কৰ্তন কৰিছিল ।

এই ধৰণে এটা মাহতকৈ অধিক সময় পেট্ৰলতকৈ ডিজেলৰ দাম অধিক হৈ থকা অৱস্থাত ডিজেলৰ মূল্য হ্ৰাস কৰি পেট্ৰলতকৈ ডিজেলৰ মূল্য বহুখিনি কম কৰা হৈছিল । এতিয়া চাবলৈ গ'লে আন সমূহ মহানগৰৰ তুলনাত নতুন দিল্লীত ডিজেলৰ মূল্য পেট্ৰলতকৈ বহুখিনি কম দেখিবলৈ পোৱা গৈছে ।

উল্লেখ্য যে, দিল্লীয়েই এনে এখন মহানগৰ য'ত ডিজেলৰ মূল্য পেট্ৰ'লতকৈ অধিক হৈছিল । যোৱাটো মাহত যেতিয়া ডেজিলৰ মূল্য বৃদ্ধি হৈ পেট্ৰ'লৰ মূল্যকো অতিক্ৰম কৰিছিল তেতিয়াই পৰিবহন ক্ষেত্ৰৰ লগতে তেলৰ ডিলাৰ সমূহো অস্বস্তিত পৰা পৰিলক্ষিত হৈছিল ।

নতুন দিল্লীৰ সীমান্তৱৰ্তি হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত ডিজেলৰ লিটাৰে প্ৰতি ১.৫ টকা কম হোৱা বাবে বহু গ্ৰাহকে চুবুৰীয়া ৰাজ্য দুখনলৈ তেলৰ বাবে ঢাপলি মেলাত পাম্প অপাৰেটৰ সমূহতো হৈছিল বহুখিনি আৰ্থিক লোকচান ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.