নিউজ ডেস্ক, 20 চেপ্তেম্বৰঃ শুকুৰবাৰে গোৱাৰ ৰাজধানী পানাজিত অনুষ্ঠিত হয় 37 সংখ্যক জি এছ টি কাউঞ্চিলৰ বৈঠক ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ কি কি বিশেষ আছিল বৈঠকখনত -
1. প্ৰতিষ্ঠান সমূহৰ আয়কৰ প্ৰায় 10 শতাংশ নিম্নগামী কৰা হয় ৷ পূৰ্বতে থকা 25.17 শতাংশৰ বিপৰীতে নতুন নীতি অনুসৰি 17.01 শতাংশ কৰা হয় ৷ নতুন নিৰ্মাণকাৰী 6 বছৰ তলৰ প্ৰতিষ্ঠানসমূহৰ বাবে আয়কৰ 17.01 প্ৰস্তুাৱ দিয়া হয় ৷ সংস্থাপনৰ ব্যৱস্থা কৰাৰ উদ্দেশ্যে আয়কৰ নীতিত সংশোধনীৰ জৰিয়তে এই প্ৰস্তুাৱ গ্ৰহণ কৰা হ'ব বুলিও মন্তব্য কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ৷
2. উন্নয়ন আৰু বিনিয়োগত অগ্ৰগতি প্ৰদানৰ উদ্দেশ্যে আয়কৰ আইনত এটি নতুন অধিনিয়ম সংযোজন কৰা হ'ব ৷ 2020 বিত্তীয় বৰ্ষৰ পৰা প্ৰযোজ্য হ'ব এই অধিনিয়ম ৷ এই অধিনিয়ম অনুসৰি দেশীয় প্ৰতিষ্ঠান সমূহে 22 শতাংশ হাৰত প্ৰদান কৰাৰ বিকল্প থাকিব আয়কৰ বিভাগক ৷ য'ত তেওঁলোকে কোনো ৰেহাই বা উদ্গনিমূলক সাহায্য আহৰণ নকৰিব ৷
3. বিগত বিত্তীয় বাজেট উত্থাপনৰ সময়ত বিত্তমন্ত্ৰীয়ে শীৰ্ষস্তৰীয় কৰ দাতা সকলৰ ওপৰত আয়কৰ বৃদ্ধি কৰিছিল যদিও ষ্টক বজাৰত তেনে প্ৰতিষ্ঠানে অংশীদাৰত্ব বিক্ৰী কৰি লাভ কৰা আয়ৰ ওপৰত অতিৰিক্ত কৰ বলবৎ নহ'ব ৷ যি STT নিয়মৰ অধীনত বাধ্যতামূলক আছিল ৷
4. এই ব্যৱসায়িক কৰ ৰেহাইৰ ফলত ৰাজকোষৰ পৰা বাৰ্ষিক 1.45 লাখ কোটি নিৰ্ধাৰিত পৰিমাণতকৈ ঘাটি হ'ব ৷ বিত্তীয় ঘাটি সম্পৰ্কত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰীয়ে বিষয়টো এৰাই চলে ৷
ইয়াৰ উপৰিও আন কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰা হয় জি এছ টি কাউঞ্চিলৰ বৈঠক ৷
উল্লেখ্য যে,বিগত এপ্ৰিল-জুন মাহত ভাৰতৰ সৰ্বমুঠ জনমুৰি আয় 5 শতাংশলৈ নিম্নগামী হয় ৷ 6 বছৰৰ পাচত এইবাৰ পোন প্ৰথম বাৰৰ বাবে দেশৰ জনমূৰি আটাইতকৈ নিম্নগামী হয় ৷