বিজনেছ ডেস্ক, 11 এপ্ৰিল : শনিবাৰে জীৱন বীমা নিগমে (Life Insurance Corporation) মাৰ্চ আৰু এপ্ৰিল মাহৰ প্ৰিমিয়াম পৰিশোধৰ সময়সীমা 30 দিনলৈ বৃদ্ধি কৰিছে ৷ COVID-19 ৰ ফলত LIC ৰ গ্ৰাহকসকলে প্ৰিমিয়াম পৰিশোধ কৰাত সমস্যাৰ সন্মুখীন হোৱাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে জীৱন বীমা নিগমে ৷
LIC য়ে প্ৰদান কৰা বিবৃতি অনুসৰি, "ফেব্ৰুৱাৰী মাহৰ টকা পৰিশোধৰ সমসীমা 22 মাৰ্চত অন্ত পৰিছে ৷ সেয়েহে এই মাহৰো সময়সীমা 15 এপ্ৰিললৈ বৃদ্ধি কৰা হৈছে ৷"
LIC ৰ গ্ৰাহকসকলে প্ৰিমিয়ামসমূহ LIC ৰ ডিজিটেল পেমেন্টৰ জৰিয়তে কৰিব পাৰিব আৰু ইয়াৰ বাবে কোনো ধৰণৰ সেৱা কৰ লোৱা নহ'ব ৷
ইয়াৰোপৰি, গ্ৰাহকসকলে প্ৰিমিয়াম পৰিশোধ কৰিবৰ বাবে ৱেবছাইটত পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই ৷ নিজৰ প্ৰাথমিক তথ্য প্ৰদানৰ জৰিয়তেই প্ৰিমিয়াম পৰিশোধ কৰাৰ ব্যৱস্থা কৰা হৈছে ৷
নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু Paytm, PhonePe, Google Pay, BHIM, UPI ৰ দৰে এপৰ জৰিয়তেও টকা পৰিশোধ কৰিব পাৰিব ৷
ইয়াৰোপৰি, IDBI আৰু Axis Bank ৰ শাখাসমূহ আৰু Common Service Centres (CSC) ৰ জৰিয়তেও নগদ টকা পৰিশোধ কৰিব পাৰিব ৷
উল্লেখ্য যে, COVID-19 ত মৃত লোকৰ পৰিয়ালক চৰকাৰৰ সহযোগত প্ৰদান কৰা তালিকাৰ ভিত্তিত সহায়ৰ বাবে আগবাঢ়ি আহিছে LIC ৷
16 টাকৈ পলিচিৰ অধীনত COVID-19 ত মৃত লোকক অতি কম সময়ৰ ভিতৰতে সহায় আগবঢ়াইছে বুলি LIC ৰ বিবৃতিত প্ৰকাশ ৷