ETV Bharat / business

এতিয়াৰে পৰা জোমেটোত উপলব্ধ হ'ব এলকহল !

ফুড ডেলিভাৰী কোম্পানী জোমেটোৱে এলকহল যোগান ধাৰ প্ৰক্ৰিয়াত জড়িত হ'ব পাৰে বুলি সংবাদ প্ৰতিষ্ঠান ৰইটাৰ্ছত প্ৰকাশ পাইছে ।

এতিয়াৰে পৰা জোমেটোত উপলব্ধ হ'ব এলকহল !
এতিয়াৰে পৰা জোমেটোত উপলব্ধ হ'ব এলকহল !
author img

By

Published : May 7, 2020, 12:30 PM IST

নিউজ ডেস্ক, ৭ মে' : লকডাউনৰ মাজতে দেশত সুৰা সেৱনৰ চাহিদা বৃদ্ধি পাইছে । ইতিমধ্যে বহুকেইখন ৰাজ্যত লকডাউনৰ মাজতো সুৰা বিক্ৰী কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে । কৰ্নাটকত সৰ্বাধিক সংখ্যক ১৯৩ কোটিৰ সুৰা এদিনতে বিক্ৰী হৈছে । তাৰ মাজতো অৱশ্যে বহুসংখ্যক লোকে সুৰা ক্ৰয় কৰিবলৈ সক্ষম হোৱা নাই ।

এনে অৱস্থাত দেশৰ অন্যতম ফুড ডেলিভাৰী সংস্থা জোমেটোৱে ঘৰে ঘৰে সুৰা যোগান ধৰিবলৈ আগবাঢ়ি আহিছে । সংবাদ প্ৰতিষ্ঠান ৰইটাৰ্ছত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি, এতিয়াৰে পৰা জোমেটোৱে ঘৰে ঘৰে সুৰা যোগান ধৰিব দেশ বিভিন্ন প্ৰান্তত ।

লকডাউনৰ সময়ত জোমেটোৱে বিভিন্ন অঞ্চলত ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰিছিল । ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে দেশৰ বিভিন্ন প্ৰান্তত সুৰাৰ বিপনীসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছিল ।

দেশৰ ১৬খন বৃহৎ ৰাজ্যত (বিহাৰ, গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশক বাদ দি) সুৰা বিক্ৰীৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষত ১.৬৫ লাখ কোটিৰ ৰাজহ সংগ্ৰহ হ'ব বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়কঃ বিশাখাপট্টনমত গেছ লিক কাণ্ডঃ শিশুসহ 9 গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.