নিউজ ডেস্ক, 13 অক্টোবৰঃ এক দীঘলীয়া আলোচনাৰ অন্তত দেওবাৰে বিশ্ববেংকে ভাৰতৰ বিকাশৰ হাৰ সন্দৰ্ভত উদ্বেগজনক তথ্য প্ৰকাশ কৰে ৷ চলিত বিত্তীয় বৰ্ষৰ শেষৰ ফালে ভাৰতৰ বিকাশৰ হাৰ 6 শতাংশলৈ অৱনমিত হ'ব বুলি মন্তব্য কৰে বিশ্ববেংকে ৷
লগতে পঢ়কঃ ব্ৰেণ্ড ভেল্যু বৃদ্ধিৰে বিশ্বৰ সপ্তম স্থানত ভাৰত
2018-19 বৰ্ষত ভাৰতৰ বিকাশৰ হাৰ আছিল 6.9 শতাংশ ৷ বিশ্ববেংকে ইয়াৰ "South Asia Economic Focus" শীৰ্ষক প্ৰতিবেদনৰ শেহতীয়া সংস্কৰণত ভাৰতে অহা 2021 চনৰ ভিতৰত 6.9 আৰু 2022ৰ ভিতৰত 7.2 শতাংশ বিকাশ সম্পন্ন কৰিবলৈ সক্ষম হ'ব বুলি প্ৰকাশ কৰিছে ৷
লগতে পঢ়কঃ অসমৰ চাহৰ বিপদঘন্টা: কি কয় টি এছোচিয়েছন অৱ ইণ্ডিয়াই
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি সংস্থাৰ সৈতে বিশ্ববেংকৰ বাৰ্ষিক আলোচনাৰ পূৰ্বে মুকলি কৰা হৈছে এই প্ৰতিবেদন ৷ প্ৰতিবেদনত দ্বিতীয়টো বৰ্ষৰ বাবে ভাৰতৰ বিকাশৰ হাৰ হ্ৰাস পোৱাৰ তথ্য উল্লেখ কৰিছে বিশ্ববেংকে ৷ 2017-18ৰ 7.2 শতাংশৰ পৰা 2018-19 বিত্তীয় বৰ্ষত এই হাৰ 6.9 শতাংশলৈ আৰু 2019-20 বৰ্ষত এই হাৰ 6 শতাংশলৈ অৱনমিত হোৱাৰ তথ্য প্ৰকাশ কৰে বিশ্ববেংকে ৷
লগতে পঢ়কঃ ভাৰতৰ বাণিজ্যিক ঘাটি হ্ৰাস কৰাত সহায় কৰিব চীনে
আনহাতে প্ৰতিবেদনত বিশ্ববেংকে দেশৰ শেহতীয়া জিডিপিৰ একাউন্ট ঘাটি 2.1 শতাংশলৈ বৃদ্ধি পোৱাৰ কথাও উল্লেখ কৰে ৷ আনহাতে ভাৰতীয় টকাৰ মুল্য আমেৰিকান ডলাৰৰ তুলনাত হ্ৰাস পোৱাৰ তথ্যও প্ৰতিবেদনত উল্লেখ কৰিছে বিশ্ববেংকে ৷ প্ৰতিবেদনখনত ভাৰতীয় অৰ্থব্যৱস্থাই সন্মুখীন হোৱা বিপৰ্যয়ৰ বাবে বিমুদ্ৰাকৰণকে ধৰি জিএছটি আৰু গ্ৰামীণ অৰ্থনীতিৰ লগতে যুৱপ্ৰজন্মৰ মাজত বৃহৎ হাৰে কৰ্মসংস্থাপনহীনতাক চিনাক্ত কৰিছে ৷