নিউজ ডেস্ক, 10 মে‘: চীনৰ পৰা আমেৰিকালৈ ৰপ্তানিকৃত সামগ্ৰীত শুল্কৰ পৰিমান বৃদ্ধি কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ এই শুল্ক 10 শতাংশৰ পৰা 25 শতাংশলৈ বৃদ্ধি কৰা হৈছে ৷ শুল্ক বৃদ্ধিৰ বিষয়ে চীনৰ বাণিজ্যিক মন্ত্ৰালয়ে নিজা ৱেবচাইটযোগে সদৰী কৰে ৷ ৱেবচাইটোৰ জৰিয়তে চীনে এইবুলি উল্লেখ কৰে যে, "আমেৰিকা যুক্তৰাষ্ট্ৰই 200 বিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ চীনা ৰপ্তানীকৃত সামগ্ৰীৰ ওপৰত 10 শতাংশৰ পৰা 25 শতাংশলৈ শুল্ক বৃদ্ধি কৰে ৷"
উল্লেখ্য, চীন আৰু আমেৰিকাৰ মাজত হ‘বলগীয়া চুক্তি বিফল হোৱাৰ বাবেই আমেৰিকাই এই সিদ্ধান্ত লয় ৷ ৰবিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰাৰ পিছতে এই সিদ্ধান্ত কাৰ্যকৰী হয় ৷ শুল্ক বৃদ্ধি পাবলগীয়া সামগ্ৰী সমূহে মাছ, হেণ্ডবেগ, পোচাক, ফুটৱেৰ ইত্যাদিক সামৰি ল‘ব ৷
লগতে পঢ়ক: জাৱৰৰ দমত পৰিণত হোৱাৰ দিশে বিশ্বৰ সুউচ্চ শৃংগ !
ইফালে চীনৰ প্ৰতিনিধিৰ দল এটা ৱাচিংটনত উপস্থিত আছে ৷ উক্ত প্ৰতিনিধি দলটোৱে অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কীয় 11 ঘূৰণৰ এক উচ্চস্তৰীয় বৈঠকত মিলিত হ‘ব বুলি চীন্হোৱা নামৰ নিউজ এজেঞ্চীটোৱে প্ৰকাশ কৰিছে ৷
এই শুল্ক কাৰ্যকৰী হোৱাৰ পিছতেই পৰিবৰ্তন দেখিবলৈ পোৱা গৈছে চীনা ষ্টক বজাৰত৷ হাং-চেং বজাৰৰ সূচকাংক 0.6 শতাংশ উৰ্ধগামী হোৱাৰ লগতে চাঙহাই কম্প‘জিত 1.5 শতাংশ উৰ্ধগামী হয় ৷