বিজনেছ ডেস্ক, ২২ জানুৱাৰী : ধনৰ প্ৰয়োজন হোৱাৰ লগে লগে বহুতে বেংক অথবা কিছুমান বিত্তীয় প্ৰতিষ্ঠানলৈ ঋণৰ বাবে যোৱা দেখা যায় । কিন্তু বেংকৰ চৰ্তবোৰ মানি লোৱাৰ বাবে একাংশ লোকে উচ্চ হাৰত সুদ দিবলগীয়া হয় । একাংশ লোকে আকৌ তাৎক্ষণিক ঋণ লয়, কাৰণ ই অতি সহজ । একাংশ ঋণ দিয়া প্ৰতিষ্ঠানে বিভিন্ন ধৰণে গ্ৰাহকৰ পৰা লুণ্ঠন চলোৱাও সময়ত দেখা যায় ।
সুদৰ হাৰৰ উপৰিও প্ৰক্ৰিয়াকৰণ মাচুল আৰু অন্যান্য ব্যয়ে গ্ৰাহকসকলৰ ওপৰত ঋণৰ বোজা বৃদ্ধি কৰে । তাৎক্ষণিক ঋণ পাবলৈ আপোনাক কেৱল এটা ম'বাইল ফোনৰ প্ৰয়োজন । কিয়নো আজিকালি বহুতো ফিনটেক এপ আছে, যিসকলে ঋণ দিবলৈ সাজু । কিন্তু ঋণ লোৱাৰ পূৰ্বে আপুনি কিছুমান কথা মনত ৰখাটো প্ৰয়োজন (Points to ponder before taking instant loans)।
প্ৰথমতে, ঋণ দিয়া কোম্পানীটো আৰ বি আই -ৰ দ্বাৰা অনুমোদিত হয় নে নাই পৰীক্ষা কৰা উচিত । তেওঁলোকে কোনবোৰ বেংকৰ সৈতে চুক্তিবদ্ধ হৈছিল, পৰীক্ষা কৰক আৰু যিকোনো পৰিস্থিতিত স্বীকৃতি লাভ নকৰা কোম্পানীৰ পৰা ঋণ নল'ব । যদি আপুনি অবৈধ ঋণ প্ৰদান কৰা প্ৰতিষ্ঠান এটাৰ পৰা ঋণ লয়, ঋণ লওঁতা হিচাপে আপোনাৰ কোনো অধিকাৰ নাথাকিব ৷ ইয়াৰ ফলত আপুনি গুৰুতৰ পৰিণামৰ সন্মুখীন হ'ব পাৰে ।
আপুনি ঋণ সময়ত পৰিশোধ কৰা উচিত ৷ কিয়নো হ্ৰস্বম্যাদী মাইক্ৰ'ফাইনেন্সৰ ঋণৰ ক্ষেত্ৰত সুদৰ হাৰ বেছি । যদি আপুনি সময়মতে পৰিশোধ নকৰে, তেন্তে অধিক সুদ পৰিশোধ কৰিব লাগিব । সেয়েহে ৯০ দিনতকৈ কম সময়ৰ বাবে ২০,০০০ টকাৰ অধিক ঋণ নল'ব ।
কম সময়ৰ বাবে বৃহৎ পৰিমাণৰ ঋণ পৰিশোধ কৰাটো সদায় সম্ভৱ নহ'ব পাৰে । নতুন ঋণ লোৱাৰ পূৰ্বে আপুনি পুৰণি ঋণ পৰিশোধ কৰাটো দৰকাৰ, নহ'লে আপুনি ঋণৰ জালত পৰিব পাৰে । ফিনটেক কোম্পানীবোৰে আমাক চাহিদা অনুসৰি বৃহৎ পৰিমাণৰ ধনৰ ঋণ দিবলৈ ইচ্ছুক । কিন্তু আমি সিদ্ধান্ত ল'ব লাগিব আমাক কিমান ধনৰ প্ৰয়োজন ।
পাহৰি নাযাব যে আপুনি যদি বৃহৎ পৰিমাণৰ ধনৰ ঋণ লয়, তেন্তে পিছত পৰিশোধ কৰা কঠিন হ'ব । আপোনাৰ প্ৰয়োজনীয়তা আৰু পূৰণ কৰাৰ সামৰ্থ দুয়োটা মূল্যায়ন কৰি সিদ্ধান্ত লওঁক । এটা সময়ত দুটা বা তিনিটা কোম্পানীৰ পৰা ঋণৰ বাবে আবেদন নকৰিব । ই আপোনাৰ ক্ৰেডিট স্ক'ৰৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ।
ঋণ লোৱাৰ সময়ত ঋণ চুক্তিৰ লগতে আৱেদন প্ৰপত্ৰখন ভালদৰে চাওক । বেংক আৰু ঋণদাতা কোম্পানীবোৰৰ চৰ্তাৱলী আৰু নিয়মাৱলী সম্পূৰ্ণভাৱে অৱগত হ'লেহে ঋণৰ বাবে আগবাঢ়ক ।
লগতে পঢ়ক : সোণৰ পিছতে আপুনি চিলভাৰ ইটিএফত কৰিব পাৰে বিনিয়োগ