ETV Bharat / business

যদি অধিক ধন ৰাহি কৰিব খোজে তেন্তে কৰক এই কাম

author img

By

Published : Mar 14, 2022, 5:28 PM IST

একাউন্টত দৰমহা সোমোৱাৰ লগে লগে আমি EMI, বিল পৰিশোধৰ লগতে বিভিন্ন খৰচবোৰ কৰি পেলাওঁ ৷ কিন্তু ইয়াৰ দ্বাৰা যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হয় ৷ কিমান টকা আমি খৰচ কৰিলো তাৰ হিচাপ এক প্ৰকাৰ আমাৰ হাতত নোহোৱা হৈ যায় ৷ তাতকৈ দৰমহাৰ এটা অংশ আন এটা জমা একাউন্টলৈ ট্ৰান্সফাৰ কৰা উচিত ৷

Open two bank accounts to stick to your budget

নিউজ ডেস্ক, 14 মাৰ্চ : EMI, বিভিন্ন বিল পৰিশোধ কৰাৰ বাবে নিজৰ দৰমহাৰ একাউন্টৰ পৰিৱৰ্তে বেলেগ এটা বেংক একাউন্ট ব্যৱহাৰ কৰাটো এক ভাল চিন্তা (Use of double bank account)৷ একাউন্টত দৰমহা সোমোৱাৰ লগে লগে আমি EMI, বিল পৰিশোধৰ লগতে বিভিন্ন খৰচবোৰ কৰি পেলাওঁ ৷ কিন্তু ইয়াৰ দ্বাৰা যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হয় ৷ কিমান টকা আমি খৰচ কৰিলো তাৰ হিচাপ এক প্ৰকাৰ আমাৰ হাতত নোহোৱা হৈ যায় ৷

আমি যদি ধন উপাৰ্জন আৰু ব্যয়ৰ বাবে একেটা একাউন্টেই ব্যৱহাৰ কৰোঁ তেন্তে কেতবোৰ সমস্যাৰ সৃষ্টি হয় ৷ কিয়নো একাউন্টত ধনৰাশিৰ পৰিমান চোৱাৰ পাচত আমি বিভিন্ন ক্ষেত্ৰত ধনখিনি খৰচ কৰি পেলাওঁ ৷ তাতকৈ দৰমহাৰ এটা অংশ আন এটা জমা একাউন্টলৈ ট্ৰান্সফাৰ কৰা উচিত ৷

ইন্টাৰনেট বেংকিং, UPI পে’মেন্ট আদিৰ দৰে সুবিধা সমূহৰ বাবে বিভিন্ন বিল পৰিশোধ কৰাতো সহজ হৈ পৰিছে ৷ সেয়েহে, প্ৰিমিয়াম, বিল, EMI আদি পৰিশোধ আৰু অন্যান্য ব্যয়ৰ বাবে এটা পৃথক একাউন্ট ব্যৱহাৰ কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে ৷

ইন্টাৰনেট বেংকিং আৰু ডেবিট কাৰ্ডৰ ব্যৱহাৰৰ দ্বাৰা ৰিৱাৰ্ড পইন্ট আৰু কেচবেক লাভৰো সুবিধা থাকে (Reward points in internet banking) ৷ আপোনাৰ কোনটো একাউণ্টে এইধৰণৰ অতিৰিক্ত টকা উপাৰ্জন কৰিছে পৰীক্ষা কৰক ৷ উদাহৰণ স্বৰূপে, যদি দৰমহা একাউণ্টৰ ডেবিট কাৰ্ডে অধিক লাভালাভ দিয়ে তেনেহ'লে ইয়াক সেই ধৰণে ব্যৱহাৰ কৰা অব্যাহত ৰাখক ।

বাকী থকা ধনৰাশি দ্বিতীয় একাউন্টলৈ ট্ৰান্সফাৰ কৰক ৷ বহুতো বেংকে দৰমহা একাউন্ট আৰু জমা একাউন্টৰ বাবে একে পৰিমাণৰ সূদ দিয়ে ৷ অৱশ্যে কিছুমান বেংকে দৰমহা একাউন্টত কম পৰিমাণৰ সূদ প্ৰদান কৰে ৷ বৰ্তমান সময়ত একাংশ বেংকে জমা একাউন্টৰ ক্ষেত্ৰত সামান্য বেছি সূদ প্ৰদান কৰে ৷

গতিকে জমা একাউন্ট খোলাৰ বাবে তেনে বেংক বাচনি কৰি লওক ৷ মাহটোৰ শেষৰ ফালে বাকী থকা ধনৰাশি ফিক্স ডিপ’জিট কৰাৰ ব্যৱস্থা কৰিব লাগে ৷ ফ্লেক্সি ডিপ’জিট একাউণ্ট ইয়াৰ বাবে উপযোগী ৷

লগতে পঢ়ক : পৰ্যটন খণ্ডক উৎসাহিত কৰিবলৈ 50 খন বৃহৎ ছাইনব’ৰ্ড স্থাপন কৰিব ত্ৰিপুৰা চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.