ETV Bharat / business

HDFC বেংকৰ 15 বছৰঃ অসমত 100 টালৈ শাখা বৃদ্ধিৰ লক্ষ্য - Sandip S Kumar HDFC Bank news guwahati

HDFC বেংকে অসমত সম্পূৰ্ণ কৰিলে সফলতাৰ 15টা বৰ্ষ ৷ এই 15 বছৰে অসমৰ ৰাইজক হাঁহিমুখে সেৱা আগবঢ়াই অহা বেংকটোৱে অসমত শীঘ্ৰেই ইয়াৰ শাখা 100টালৈ বৃদ্ধি কৰাৰ লক্ষ্য বান্ধি লৈছে ৷ গুৱাহাটী আয়োজিত এক মত বিনিময় অনুষ্ঠানত এই কথা প্ৰকাশ কৰিলে বেংকটোৰ উত্তৰ-পূবৰ দায়িত্বত থকা মুখ্য বিষয়া সন্দীপ এছ কুমাৰে ৷

অসমত 100 টালৈ শাখা বৃদ্ধিৰ লক্ষ্য HDFC বেংকৰ
author img

By

Published : Nov 14, 2019, 3:50 AM IST

গুৱাহাটী, 13 নৱেম্বৰঃ ব্যক্তিগত খণ্ডৰ বেংক The Housing Development Finance Corporation চমুকৈ HDFC বেংকে অসমত সম্পূৰ্ণ কৰিলে সফলতাৰ 15টা বছৰ ৷ 15 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে বুধবাৰে মহানগৰীৰ হোটেল লেণ্ডমাৰ্কত বেংকটোৱে অনুষ্ঠিত কৰে এক মত বিনিময় অনুষ্ঠানৰ ৷ অনুষ্ঠানত বেংকটোৰ কৰ্মচাৰীৰ লগতে গ্ৰাহকসকল উপস্থিত থাকে ৷ এই অনুষ্ঠানৰ জৰিয়তে বৰ্তমান সময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বেংকটোৰ সেৱা আৰু পৰৱৰ্তী সময়ত বেংকটোৱে গ্ৰাহকক কেনেদৰে অধিক সুবিধা প্ৰদান কৰিব তাৰ ওপৰত বিশদ আলোচনা কৰা হয় ৷ ইয়াৰ উপৰিও গ্ৰাহক আৰু কৰ্মচাৰীৰ বিভিন্ন অসুবিধা তথা অভিযোগৰ ওপৰতো আলোচনা হয় ৷

অসমত 100 টালৈ শাখা বৃদ্ধিৰ লক্ষ্য HDFC বেংকৰ

উল্লেখ্যযোগ্য যে, 2004 চনত গুৱাহাটীৰ পৰাই অসমত সেৱা আৰম্ভ কৰিছিল HDFC বেংকে ৷ বৰ্তমান সময়ত ৰাজ্যত বেংকটোৱে 72টা শাখাৰে অসমৰ গ্ৰাহকক সেৱা আগবঢ়াই আছে ৷ ইয়াৰ উপৰিও অসমৰ অতিকে দুৰ্গম অঞ্চলত বেংকটোৱে 121 টা এটিএম স্থাপন কৰি নিজৰ লগতে অন্য বেংকৰ গ্ৰাহকসকলকো সেৱা প্ৰদান কৰিছে ৷ অতিশীঘ্ৰেই অসমত বেংকটোৰ শাখা 100টালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা হাতত লৈছে বেংকটোৱে ৷ অসম চৰকাৰৰ সৈতে হোৱা আলোচনা মৰ্মে অসমৰ থলুৱা যুৱক-যুৱতীকো বেংকটোত নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰে বেংকটোৰ উত্তৰ-পূব শাখাৰ মুৰব্বী সন্দীপ এছ কুমাৰে ৷ বেংকটোৰ 15 বছৰীয়া সফলতাৰ বাবে অসমৰ গ্ৰাহক তথা তেওঁলোকৰ পৰিয়ালৰ লগতে বেংকটোৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰে সন্দীপ কুমাৰে ৷

Intro:অসমত ১৫টা বছৰ সম্পূৰ্ণ কৰিলে ব্যক্তিগত খণ্ডৰ এইচ ডি এফ চি বেংকে। এই বৰ্ষপূৰ্তি উপলক্ষ্যে বুধবাৰে মহানগৰীৰ হোটেল লেণ্ডমাৰ্কত অনুষ্ঠিত হয় এক মত বিনিময় অনুষ্ঠান। যত বেংকটোৰ কৰ্মচাৰীৰ লগতে বহুতো গ্ৰাহকে অংশগ্ৰহণ কৰে। বৰ্তমান বেংকটোৰ সেৱা আৰু পৰৱৰ্তী সময়ত কেনেদৰে গ্ৰাহকক অধিক সুবিধা প্ৰদান কৰিব তাৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হয়। লগতে গ্ৰাহক আৰু বেংকটোৰ কৰ্মচাৰীৰ পৰা মতামত গ্ৰহণ কৰা হয়। ইপিনে কৰ্মচাৰী আৰু গ্ৰাহকৰ অভাৱ অভিযোগৰ বিষয়েও বিস্তৃতভাৱে আলোচনা কৰা হয় এই মত বিনিময় অনুষ্ঠানত।

Body:উল্লেখযোগ্য যে ২০০৪চনত গুৱাহাটীৰ পৰা সেৱা আৰম্ভ কৰা এইচ ডি এফ চি বেংকে বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৭২ শাখা স্থাপন কৰি অসমৰ গ্ৰাহকক সেৱা আগবঢ়াই আছে। তাৰোপৰি ৰাজ্যৰ অতি দুৰ্গম এলেকাত ১২১ টাকৈ এটিএম স্থাপন কৰি গ্ৰাহকক সহায় কৰি আছে। অতিশীঘ্ৰেই অসমত ১০০টালৈ শাখা বৃদ্ধি কৰাৰ পৰিকল্পনা হাতত লৈছে ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ বেংকটোৱে। ইফালে অসম চৰকাৰৰ লগত আলোচনা মৰ্মে অসমৰ থলুৱা যুৱক যুৱতীক নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰি অহাৰ কথা জনাই বেংকটোৰ উত্তৰ-পূব শাখাৰ বেংকিঙৰ মুৰব্বী সন্দীপ এছ কুমাৰে। ১৫ বছৰীয়া সফলতাৰ এই অনুষ্ঠানত বিশেষ ভাৱে অসমৰ কৰ্মচাৰী আৰু ৰাইজক ধন্যবাদ জ্ঞাপন কৰে কুমাৰে।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.