ETV Bharat / business

এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড : দেশৰ যিকোনো প্ৰান্তৰ পৰা সামগ্ৰী ক্ৰয় কৰিব পাৰিব হিতাধিকাৰীয়ে - ৰাম বিলাস পাচোৱান

এই আঁচনিৰ জৰিয়তে সৰ্বাধিক লাভান্বিত হ'ব কৰ্ম সংস্থাপনৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা লোকসকলক ৷ এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আঁচনিয়ে বহিঃৰাজ্যত বাস কৰা লোকসকলৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰিব ৷ আঁচনিৰ প্ৰৱৰ্তনৰ প্ৰক্ৰিয়া এটা বছৰত সম্পূৰ্ণ হ'ব বুলি তেওঁ প্ৰকাশ কৰে ৷ আঁচনিৰ বাবে প্ৰয়োজনীয় "মেচিন" সমবায় দোকানসমূহক প্ৰদান কৰা হ'ব ৷

‘One Nation One Ration Card’
author img

By

Published : Jun 28, 2019, 10:56 AM IST

Updated : Jun 28, 2019, 11:13 AM IST

নতুন দিল্লী,28 জুন :অতি শীঘ্ৰেই এক ৰেচন কাৰ্ডৰ জৰিয়তেই দেশৰ যিকোনো অংশৰ পৰা সামগ্ৰী লাভ কৰিব জনসাধাৰণে৷ এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আঁচনি প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ৷খাদ্য আৰু গ্ৰাহক সুৰক্ষা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাচোৱানে বৃহস্পতিবাৰে প্ৰকাশ কৰে এই কথা ৷

ভাৰতৰ বিভিন্ন ৰাজ্যৰ খাদ্য বিভাগৰ সচিব সকলৰ সৈতে অনুষ্ঠিত এক বৈঠতৰ পাচত মন্ত্ৰীগৰাকীয়ে কয় যে ,এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডৰ আঁচনিৰ প্ৰৱৰ্তনৰ পাচত কেৱল এখন সমবায় দোকানতে খাদ্য সামগ্ৰী ক্ৰয় কৰাটো বাধ্যতামূলক নহ'ব ৷ নিজৰ পচন্দ অনুসৰি যিকোনো সমবায় দুকানৰ পৰাই সামগ্ৰী ক্ৰয় কৰিব পাৰিব ৷ এই আঁচনিৰ জৰিয়তে একাংশ সমবায় দোকানত চলি থকা দুৰ্নীতি নিয়ন্ত্ৰণলৈ অহাত সহায় কৰিব ৷ এই ব্যৱস্থা কাৰ্যকৰী হ'লে সমবায় দোকান সমূহৰ বিক্ৰেতাৰ অঞ্চলসমূহত থকা একনায়কত্ববাদো কিছু পৰিমাণে হ্ৰাস পাব ৷

মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে , এই আঁচনিৰ জৰিয়তে সৰ্বাধিক লাভান্বিত হ'ব কৰ্ম সংস্থাপনৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা লোকসকলক ৷ এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আঁচনিয়ে বহিঃৰাজ্যত বাস কৰা লোকসকলৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰিব ৷ আঁচনিৰ প্ৰৱৰ্তনৰ প্ৰক্ৰিয়া এটা বছৰত সম্পূৰ্ণ হ'ব বুলি তেওঁ প্ৰকাশ কৰে ৷ আঁচনিৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ সমবায় দোকানসমূহক প্ৰদান কৰা হ'ব ৷
উল্লেখ্য যে, অন্ধ্ৰ প্ৰদেশ , গুজৰাট ,হৰিয়ানা , ঝাৰখণ্ড .হৰিয়ানা , কৰ্ণাটক , ৰাজস্থান , তেলেংগানা আৰু ত্ৰিপুৰাত পূৰ্বৰ পৰাই এই যন্ত্ৰসমূহৰ ব্যৱস্থা আছে ৷ এই ৰাজ্য সমূহত এগৰাকী ব্যক্তিয়ে ৰাজ্যখনৰ যিকোনো জিলাৰ পৰা খাদ্য সামগ্ৰী লাভ কৰিব পাৰে ৷ অন্য ৰাজ্যসমূহতো এই নিয়ম অতি শীৰ্ঘ্ৰেই প্ৰৱৰ্তন কৰা হ'ব ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আগন্তুক দুটা মাহৰ ভিতৰতে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ লোকে এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আঁচনিৰ জৰিয়তে খাদ্য সামগ্ৰী ক্ৰয় কৰিব পাৰিব ৷ ইয়াৰ পাচত সমগ্ৰ দেশতে কাৰ্যকৰী হ'ব এই প্ৰক্ৰিয়া ৷

Government to launch ‘One Nation One Ration Card’
Last Updated : Jun 28, 2019, 11:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.