নেশ্বনেল ডেস্ক, 30 ডিচেম্বৰঃ চলিত বৰ্ষৰ দৰে পিয়াজৰ নাটনিৰ পুনৰাবৃত্তি নোহোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 2020 চনত 1 লাখ টন পিয়াজ মজুত ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সোমবাৰে এই কথা এগৰাকী জেষ্ঠ চৰকাৰী বিষয়াই প্ৰকাশ কৰে ৷
চৰকাৰে চলিত বৰ্ষৰ বাবে 56,000 টন জমা ৰখাৰ ব্যৱস্থা কৰিছিল যদিও ই পৰ্যাপ্ত নহ’ল ৷ যাৰ বাবে আজি দেশৰ অধিকসংখ্যক চহৰত 1 কিঃগ্ৰাঃ পিয়াজ 100টকাৰো অধিক মূল্যত বিক্ৰী হৈছে ৷ ইয়াৰ বাবে চৰকাৰে ৰাজ্যসমূহৰ দ্বাৰা সঞ্চালিত এম.এম.টি.চিৰ মাধ্যমেৰে এই ব্যৱস্থা গ্ৰহণ কৰিছিল ৷
বিষয়াগৰাকীয়ে উল্লেখ কৰে যে এই বিষয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত মন্ত্ৰীসকলৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এই সিদ্ধান্ত মৰ্মে অহা বছৰ প্ৰায় 1 লাখ টন ভঁৰাল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ সহকাৰী নফেড যিয়ে চৰকাৰী পক্ষৰ পৰা পিয়াজ মজুত ৰাখিছিল আৰু অহা বৰ্ষতো অব্যাহত থাকিব ৷ উল্লেখ্য যে এই বছৰত পিয়াজৰ উৎপাদন কম হোৱাৰ কাৰণ হৈছে মৌচুমী পলমকৈ অহা তথা মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত আৱতৰীয় বৰষুণ ৷
পিয়াজৰ আকাশলংঘী মূল্যৰ পৰীক্ষা কৰাৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা হাতত লৈছে ৷ এম.এম.টি.চিয়ে চৰকাৰী পক্ষৰ হৈ এই কাৰ্য সম্পন্ন কৰি আছে আৰু আগন্তুক দিনত তুৰ্কী, আফগানিস্তান আৰু মিছৰৰ পৰা প্ৰায় 45,000 টন পিয়াজ আমদানী কৰাৰ পোষকতা কৰিছে ৷
আৰু পঢ়কঃ গ্ৰাম্য অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণেই আৰ্থিক বিকাশৰ চাবিকাঠী