নিউজ ডেস্ক, 25 মেঃ ভ্ৰমণকাৰীসকলৰ বাবে বিশেষ সুবিধা লৈ আহিছে বিমান পৰিবহনকাৰী সংস্থা গ' এয়াৰে ৷ সংস্থাটোৱে অহা জুন মাহৰ 15 তাৰিখৰ পৰা ডিচেম্বৰ মাহৰ 31 তাৰিখলৈ প্ৰায় এক মিলিয়ন টিকট বিক্ৰীৰ লক্ষ্য হাতত লৈছে ৷ এইসমূহ টিকট বিক্ৰীৰ বাবে নূন্যতম 899 টকা মূল্য ধাৰ্য্য কৰি এই সুবিধা গ্ৰাহকৰ বাবে লৈ আহিছে বিমান পৰিবহনকাৰী সংস্থাটোৱে ৷
তিনিদিনীয়া এই বিক্ৰী মেলা অহা 27 মেৰ পৰা 29 মেলৈ উপলব্ধ হ'ব বুলি প্ৰকাশ কৰিছে সংস্থাটোৱে ৷ এই সুবিধাৰ দ্বাৰা গ্ৰাহকে নিজৰ যাত্ৰাৰ লক্ষ্যস্থানৰ লগতে সময় নিৰ্ধাৰণ কৰিব পাৰিব ৷