নতুন দিল্লী, 2 জুলাইঃ মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালত প্ৰাধান্য দিয়া হৈছে অৰ্থনৈতিক বিকাশক ৷ লগতে দেশৰ জিডিপি উন্নত কৰিবলৈ বিভিন্ন দিশ পৰ্যালোচনা কৰা হৈছে ৷ ৰাজ্যসভাত দাখিল কৰা এক ৰিপৰ্টত মঙলবাৰে এই কথা প্ৰকাশ মোডী চৰকাৰৰ নৱ-নিৰ্বাচিত বিত্তমন্ত্ৰী নিৰ্মলা সিতাৰমণৰ ৷
লগতে, এই বাজেটত কৃষি খণ্ড, শিক্ষা , ব্যৱসায়, পৰিবহন, যোগাযোগ আৰু সেৱা আদি বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব বুলিও উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ৷
আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কৰ্মৰত থকা সময়ত নিৰ্মলা সীতাৰমণে তেওঁৰ কাৰ্যকালত প্ৰতিৰক্ষাৰ দিশটোত অধিক শক্তিশালী কৰিবলৈ বহুতো নতুন নতুন নীতিৰ সংযোজন ঘটাইছিল ৷ সেয়েহে এইবাৰৰ বিত্তমন্ত্ৰী হৈ তেখেতে প্ৰতিৰক্ষা দিশটোত কিমান গুৰুত্ব দিব সেই বিষয়টোৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈ থাকিব ৷
উল্লেখ্য যে, আগন্তুক 5 জুলাইত নিৰ্মলা সিতাৰমণে দাখিল কৰিব 2019-20 বৰ্ষৰ পূৰ্ণাংগ বিত্তীয় বাজেট ৷