ETV Bharat / business

পুনৰ বৃদ্ধি জীৱন বীমা আঁচনিৰ গ্ৰেছ পিৰিয়দৰ সময়সীমা - কোভিড-১৯ মহামাৰী

আইআডিএআই সংস্থাই পুনৰবাৰ জীৱন বীমা আঁচনিৰ গ্ৰেছ পিৰিয়দৰ সময়সীমা বৃদ্ধি কৰিছে ।

জীৱন বীমা আঁচনিৰ গ্ৰেছ পিৰিয়দ
জীৱন বীমা আঁচনিৰ গ্ৰেছ পিৰিয়দ
author img

By

Published : May 10, 2020, 7:04 PM IST

নিউজ ডেস্ক, ১০ মে' : লকডাউনৰ ফলত মাৰ্চ মাহৰ প্ৰিয়িয়াম দিবলৈ বাকী থকা জীৱন বীমা আঁচনিৰ নৱীকৰণ বাবে ৩১ মে'লৈকে গ্ৰেছ পিৰিয়দৰ সময়সীমা বৃদ্ধি কৰিছে আইআৰডিএআইয়ে । বিগত ২৩ মাৰ্চ আৰু ৪ এপ্ৰিলত অতিৰিক্ত ৩০ দিনৰ গ্ৰেছ পিৰিয়দ বৃদ্ধি কৰিছিল সংস্থাটোৱে ।

লকডাউনৰ ফলত ক্ষতিগ্ৰস্থ হৈ পৰা হিতাধিকাৰীসকলক সহায় কৰিবলৈ এই ব্যৱস্থা হাতত লয় সংস্থাটোৱে । ভাৰতৰ ইনচুৰেন্স ৰেগুলেটৰি এণ্ড ডেভেলপমেন্ট অথৰিটিয়ে দেশৰ জীৱন বীমা আঁচনিৰ সকলো দিশ চোৱাচিতা কৰে ।

দেশত লকডাউন ১৭ মে'লৈকে বৃদ্ধি কৰাৰ বাবেই সংস্থাটোৱে এইদৰে গ্ৰেছ পিৰিয়দ পুনৰবাৰ ৩১ মে'লৈকে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে । মাৰ্চ মাহৰ বাকী থকা আঁচনিৰ প্ৰিয়িমাম দিবলৈ সক্ষম নোহোৱাসকলৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে সংস্থাটোৱে । আনহাতে জীৱন বীমা কোম্পানীসমূহে তেওঁলোকৰ প্ৰিয়িয়াম অনলাইনযোগে গ্ৰহণ কৰিবলৈয়ো সংস্থাই নিৰ্দেশনা জাৰী কৰে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.