ETV Bharat / business

প্ৰতিখন গাঁৱলৈ ইণ্টাৰনেট সেৱা - TELECOM SERVICE

ভাৰত নেট প্ৰকল্পৰ অধীনত 2020 পৰ্যন্ত 2 লাখ গাঁও পঞ্চয়তলৈ ইণ্টাৰনেট সেৱা প্ৰদান কৰাৰ লক্ষ্য চৰকাৰৰ ৷ কেন্দ্ৰীয় টেলিকম মন্ত্ৰী ৰবি শংকৰে বৃহস্পতিবাৰে প্ৰকাশ কৰে এই কথা ৷

INTERNET
author img

By

Published : Jun 28, 2019, 9:55 AM IST

Updated : Jun 28, 2019, 11:15 AM IST

নতুন দিল্লী,28 জুন :উচ্চ গতিসম্পন্ন ইণ্টাৰনেটেৰে সংযোজিত হ'ব দেশৰ সকলো পঞ্চায়ত ৷ ভাৰত নেট প্ৰকল্পৰ অধীনত 2020 পৰ্যন্ত 2 লাখ গাঁও পঞ্চায়তলৈ ইণ্টাৰনেট সেৱা প্ৰদান কৰাৰ লক্ষ্য চৰকাৰৰ ৷ কেন্দ্ৰীয় টেলিকম মন্ত্ৰী ৰবি শংকৰে বৃহস্পতিবাৰে প্ৰকাশ কৰে এই কথা ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত প্ৰকাশ কৰা অনুসৰি দ্বিতীয় পৰ্যায়ৰ কাম চলি থকা ভাৰত নেট প্ৰকল্পৰ অধীনত প্ৰথম পৰ্যায়ত 1 লাখ গাঁও পঞ্চায়তক ইণ্টাৰনেট সেৱাৰ জৰিয়তে সংযোগ কৰা হৈছিল ৷ 2020 চনৰ মাৰ্চ মাহ পৰ্যন্ত দুই লাখ গাঁও পঞ্চায়তক এই প্ৰকল্পৰ জৰিয়তে সংযোগ কৰাৰ লক্ষ্য লৈছে ভাৰত চৰকাৰে ৷ দ্বিতীয় পৰ্যায়ত কিছু সংশোধনৰ জৰিয়তে বাকী পঞ্চায়ত সমূহ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে ৷ ইয়াৰ পূৰ্বে ভাৰতে 2019 ৰ মাৰ্চ মাহ পৰ্যন্ত এই লক্ষ্য সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ক্ষেত্ৰ ভিত্তিক অধ্যয়ন , আঁচনিৰ আৰ্হি পৰীক্ষাৰ ফলত এই আঁচনিৰ আৰম্ভণি পলম হোৱা বাবেই নিৰ্ধাৰিত সময়ত এই প্ৰকল্পৰ লক্ষ্য সমূৰ্ণ কৰা সম্ভৱ নহ'ল বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷ লগতে উত্তৰ ভাৰতৰ গাঁও পঞ্চায়ত সমূহ পাহাৰীয়া অঞ্চলত হোৱাৰ লগতে অঞ্চল সমূহ অতি ভিতৰুৱা ইয়াৰোপৰি অতি দীঘলীয়া সময়ৰ বাবে বৰষুণ হৈ থকা আদিও প্ৰকল্প সম্পূৰ্ণ হোৱাত পলম হোৱাৰ অন্য কাৰণ বুলি তেওঁ প্ৰকাশ কৰে ৷

All panchayats to be connected with broadband under BharatNet by March 2020
Last Updated : Jun 28, 2019, 11:15 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.