ETV Bharat / briefs

বিশ্বনাথত পালন বিশ্ব পৰিৱেশ দিৱস - বিশ্বনাথৰ সমিৰণ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড

"বর্তমান পৃথিৱীলৈ যি সংকট নামি আহিছে সেই সংকটৰ লগত বহুলাংশে মোকাবিলা কৰিব পৰাৰ শক্তি কেৱল গছ-গছনিৰহে আছে ৷ সেউজ পৃথিৱীৰ বাবে গছপুলি ৰোপণ কৰি পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰা হয় ৷ গছ থাকিলেহে মানুহ থাকিব।" -গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ চ'চাইটি।

world environment day celebrated at Biswanath district of assam
author img

By

Published : Jun 5, 2020, 7:49 PM IST

বিশ্বনাথ, ৫ জুনঃ আজি সমগ্ৰ বিশ্বতে উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। তাৰ সমান্তৰালকৈ বিশ্বনাথ জিলাৰ বিভিন্ন স্থানতো বৃক্ষ ৰোপণ কৰি উদযাপন কৰা হয় এই দিৱস। আনহাতে, বিশ্বনাথৰ গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ চ'চাইটিয়েও আজি মোনাবাৰী চাহ বাগিচাৰ খেল পথাৰ চৌহদত আৰু ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে বৃক্ষ ৰোপণ কৰে ।

world environment day celebrated at Biswanath district of assam
বিশ্বনাথত পালন বিশ্ব পৰিৱেশ দিৱস

গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ চ'চাইটিৰ সঞ্চালক কিশোৰ হাজৰিকাই এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে-"বর্তমান পৃথিৱীৰ পৰিৱেশক লৈ যি সংকট নামি আহিছে সেই সংকটৰ লগত বহুলাংশে মোকাবিলা কৰিব পৰাৰ শক্তি কেৱল গছ-গছনিৰহে আছে ৷ সেউজ পৃথিৱীৰ বাবে গছপুলি ৰোপণ কৰি পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰা হয় ৷ ‘গছ থাকিলেহে মানুহ থাকিব’- এই শ্ল’গানক শিৰোধার্য কৰিয়েই বৰ্তমান সময়ত ব্যক্তি বিশেষৰ লগতে অনুষ্ঠান বিলাকত বৃক্ষৰোপণৰ দৰে এক মহৎ কার্যসূচী হাতত লোৱা হৈছে।"

উল্লেখ্য য়ে,বিশ্বনাথ জিলাখন সেউজীয়া কৰাৰ উদ্দেশ্য গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ চ'চাইটিয়ে বিগত ১০-১১ বছৰে বৃক্ষ ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । ইফালে,বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে সকলোকে একোটা কৈ বৃক্ষ ৰোপণ কৰিবলৈ আহ্বান জনাই গ্ৰীণ আচিয়ানা চ'চাইটিৰ সঞ্চালিকা স্নিন্ধা গোস্বামী হাজৰিকাই। তেওঁ আগন্তুক ১০ দিনৰ ভিতৰত ৫০০ৰ অধিক গছপুলি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ কাষত ৰোপণ কৰা কথা প্ৰকাশ কৰে ।

আনহাতে, বিশ্বনাথৰ সমিৰণ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে ১০১ জোপা গছ পুলি ৰোপণ কৰে।

লগতে চাওকঃ বিটিচিত 40লাখ গছপুলি ৰোপনৰ ঘোষণা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.