কৰিমগঞ্জ,১৪মে' : সোমবাৰে নিশা কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত কৰিখাই অঞ্চলত বজ্ৰপাতৰ ফলত নিহত হয় এগৰাকী মহিলা ৷ লগতে আন এজন লোক আহত হয় । মৃত মহিলাগৰাকীৰ নাম মিনতি নমশূদ্ৰ । ঘৰত বহি থকা সময়ত বজ্ৰপাতৰ ফলত থিতাতেই মহিলাগৰাকীৰ মৃত্যু হয় । ইতিমধ্যেই আহত হোৱা নিকুঞ্জ নমশূদ্ৰ নামৰ লোকজনক মাকুন্দা খ্ৰীষ্টান লেপ্ৰসী আৰু জেনাৰেল চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।
উল্লেখযোগ্য যে,নিহত হোৱা মহিলাগৰাকী পাঁচ সন্তানৰ মাতৃ আছিল আৰু মাতৃক হেৰুৱাই এতিয়া অসহায় হৈ পৰিছে সন্তানকেইটা । ইফালে, ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত বাজাৰিছড়া আৰক্ষী উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালৰ হৈ বিজেপি নেতা হৃষীকেশ নন্দীয়েও হাস্পাতালত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে পৰিয়ালৰ লোকক চৰকাৰীভাবে আৰ্থিক সহায় কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে ।
আন এক খবৰ চাবলৈ : এন আৰ চিৰ নামত ৰাইজক হাৰাশাস্তিৰ অভিযোগ আমছুৰ