নিউজ ডেস্ক, ১০ জুলাইঃ দেশত আনল'ক-২ চলি থকাৰ সময়তেই প্ৰায় প্ৰতিখন জিলাতে দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড-১৯ৰ সংক্ৰমণ। বৃহস্পতিবাৰৰ দিনটোত সৰ্বাধিক ২৬,৫০৬ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ৰ অৱস্থিতি। আনহাতে, বিগত ২৪ ঘণ্টাত কৰ'ণা ভাইৰাছ মহামাৰীৰ ফলত দেশত মৃত্যুমুখত পৰিছে ৪৭৫ গৰাকী ৰোগী।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সম্প্ৰতি দেশজুৰি ক'ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৭,৯৫,৭২৮ গৰাকীলৈ বৃদ্ধি পাইছে। ইয়াৰে ২,৭৭,৯৪৫ গৰাকী ৰোগী চিকিত্সাধীন অৱস্থাত থকাৰ বিপৰীতে ২১,৬৩৪ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে। আনহাতে, ৪,৯৬,০৪৮ গৰাকী ৰোগী এই ভাইৰাছৰ কৱলৰ পৰা মুক্তি লাভ কৰিছে।
দেশত ক'ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে যদিও আক্ৰান্তৰ তুলনাত আৰোগ্য লাভ কৰা লোকৰ হাৰ অধিক। বৃহস্পতিবাৰলৈকে মুঠ ৬২.০৯ শতাংশ লোকে এই মহামাৰীৰ কৱলৰ পৰা মুক্তি লাভ কৰিছে।
উল্লেখ্য যে,ভাৰতত ১.৩ বিলিয়ন জনসংখ্যাৰ হিচাপত বিশ্বৰ আন আন ৰাষ্ট্ৰসমূহৰ তুলনাত ভাৰতৰ পৰিস্থিতি বহুত উন্নত । দেশে এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সঠিক অৱস্থাত আছে বুলি স্বাস্থ্য মন্ত্ৰণালয়ৰ বিষয়া (Officer on Special Duty) ৰাজেশ ভূষণে বৃহস্পতিবাৰে প্ৰকাশ কৰে ।
ক'ভিড-১৯ মহামাৰীৰ ফলত দেশত প্ৰতি ১ মিলিয়ন লোকৰ ভিতৰত ১৫ গৰাকী লোক মৃত্যু মুখত পৰাৰ বিপৰীতে প্ৰতি এক মিলিয়ন লোকৰ ভিতৰত ৫৩৮ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে । এই হিচাপ অনুসৰি ভাৰতৰ তুলনাত অন্য ৰাষ্ট্ৰসমূহত ১৬-১৭ গুণ অধিক কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা ।
লগতে চাওকঃ লক ডাউনে প্ৰভাৱ পেলাইছে ভাৰত ভূটান সীমান্তত