ETV Bharat / briefs

আমেৰিকাত কোভিড ১৯ত আক্ৰান্ত হৈ ১ লাখৰ অধিক লোকৰ মৃত্যু - আমেৰিকা

আমেৰিকাত কামৰূপ ধাৰণ কৰিছে মহামাৰী কৰ'ণাই। প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ সংখ্যা। ৰাষ্ট্ৰখনত ১৮ লাখৰো অধিক লোক কোভিড ১৯ ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 1,08,062 গৰাকী লোকৰ।

কোভিড ১৯
United States Coronavirus Death Toll Surpasses 100,000
author img

By

Published : Jun 3, 2020, 5:31 PM IST

ইণ্টাৰনেশ্বনেল ডেস্ক, ৩ জুনঃ আমেৰিকাত ক'ৰণাৰ বিভীষিকা। সমগ্ৰ বিশ্বৰ কোভিড ১৯ত আক্ৰান্ত হোৱা মুঠ ২১৩ খন ৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত আমেৰিকাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। বুধবাৰে আৱেলি ৫ বজালৈ ৰাষ্ট্ৰখনত 18,81,256 গৰাকী লোকৰ দেহত ক'ৰণা ভাইৰাছৰ উপস্থিতি লাভ কৰাৰ বিপৰীতে মৃত্যুমুখত পৰিছে 1,08,062 গৰাকী লোক। আনহাতে,ৰাষ্ট্ৰখনত আৰোগ্য লাভ কৰিছে 6,46,260 গৰাকী লোকে। সম্প্ৰতি আমেৰিকাত চিকিৎসাধীন অৱস্থাত আছে 11,26,934 গৰাকী ব্যক্তি।

United States Coronavirus Death Toll  Surpasses 100,000
আমেৰিকাত কোভিড ১৯ ত আক্ৰান্ত হৈ ১ লাখৰ অধিক লোকৰ মৃত্যু

আমেৰিকাৰ পাচতে ব্ৰাজিল,ৰাছিয়া আৰু স্পেইনত অধিক সংখ্যক লোক এই ভাইৰাছত আক্ৰান্ত হৈছে । বৰ্তমানলৈতে ব্ৰাজিলত 5,58,237 গৰাকী,ৰাছিয়াত 4,32,277 আৰু স্পেইনত 2,87,012 গৰাকী ব্যক্তিৰ কোভিড ১৯ পজিটিভ পোৱা গৈছে। একেদৰে বিশ্বজুৰি ক'ৰণাত আক্ৰান্ত হোৱা দেশসমূহত ভিতৰত সপ্তম স্থানত আছে ভাৰত।

উল্লেখ্য যে, সমগ্ৰ বিশ্বতে কালৰূপ ধাৰণ কৰা এই মহামাৰীৰ ফলত বৰ্তমানলৈকে ৩,৮২,৯২২ গৰাকী লোক মৃত্যুমুখত পৰিছে। মুঠ কোভিভ ১৯ আক্ৰান্ত হোৱা ৬৪,৭৪,৭৮৪ গৰাকী লোকৰ ভিতৰত আৰোগ্য হৈছে ৩০,৮৩,৭০০ গৰাকী ব্যক্তিয়ে।

লগতে পঢ়কঃ ৰঙিয়াত সহস্ৰাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কংগ্ৰেছ দলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.