নিউজ ডেস্ক , ৩০ জুন: শনিবাৰে মণিপুৰৰ থৌবাল জিলাত আৰক্ষীয়ে এখন ড্ৰাগ্ছ নিৰ্মাণ প্ৰতিষ্ঠানত অভিযান চলাই ১১১.২ কিলোগ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে । আন্তৰাষ্ট্ৰীয় বজাৰত জব্দকৃত ব্ৰাউন ছুগাৰ খিনিৰ মূল্য ১০০ কোটি বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
আৰক্ষীয়ে জনোৱা অনুসৰি মনিপুৰ আৰক্ষী আৰু NABৰ যুটীয়া ভাৱে এই ড্ৰাগ্ছ বিৰোধী অভিযান চলাইছিল । এই অভিযানত স্থানীয় সংস্থা অঞ্জুমনেও সহযোগ কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । এই অভিযানত আৰক্ষীয়ে মহিলা সহ ৩ জন লোকক গ্ৰেপ্তাৰ কৰে । ইয়াৰোপৰিও আৰক্ষীয়ে ড্ৰাগ্ছ নিৰ্মাণ প্ৰতিষ্ঠান খনৰ পৰা ৰাবাৰ গ্ৰ'ভ , কণ্টেইনাৰ , এল.পি.জি চিলিণ্ডাৰ আৰু বহু সামগ্ৰী জব্দ কৰে । মণিপুৰৰ ইতিহাসত ইয়াৰ পূৰ্বে এনে বৃহৎ পৰিমানৰ ড্ৰাগ্ছ কেতিয়াও জব্দ কৰিবলৈ সক্ষম হোৱা নাছিল বুলি আৰক্ষীয়ে দাবী কৰে ।