নিউজ ডেস্ক, ১৮ জুনঃ সকলো ভাৰতীয়কে চীনা খাদ্য আৰু চীনা খাদ্য বিক্ৰী কৰা ৰেষ্টুৰেণ্ট বৰ্জন কৰিবলৈ আহ্বান জনাইছে ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়া (RPI-A)ৰ নেতা ৰামদাস আথৱালে।
"সকলো চীনা খাদ্য বিক্ৰী কৰা ৰেষ্টুৰেণ্ট বন্ধ ঘোষণা কৰিব লাগে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰসমূহে ৰেষ্টুৰেণ্টসমূহক নিৰ্দেশ প্ৰদান কৰা উচিত। লগতে, চীনা খাদ্য ক্ৰয় কৰাটো বৰ্জন কৰিব লাগে" এটা নিউজ এজেঞ্চিৰ সাংবাদিকৰ আগত এই মন্তব্য কৰে ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়াৰ নেতাগৰাকীয়ে। তদুপৰি চীনৰ পৰা অহা সকলো সামগ্ৰী বৰ্জন, চীনা সাহিত্য বৰ্জন কৰাৰ লগতে দেশত চীনৰ কোম্পানীসমূহক ব্যৱসায়ী কৰাৰ সুবিধা প্ৰদান কৰিব নালাগে বুলি নেতাগৰাকীয়ে উল্লেখ কৰে। তদুপৰি আমি চীনা কোম্পানীসমূহৰ দৰে একে সামগ্ৰী উৎপাদন কৰিব পৰা দেশীয় কোম্পানী গঢ়ি তোলা উচিত বুলিও মন্তব্য কৰে ৰামদাস আথৱালে।
মন্ত্ৰীগৰাকীয়ে লগতে, এই আক্ৰমণাত্মক কাৰ্য বন্ধ কৰিবলৈ চীনৰ সতৰ্ক কৰি দিয়ে। তেওঁ কয় যে, "আমি আপোনালোকৰ লগত যুদ্ধ কৰিব বিচৰা নাই। যুদ্ধৰ ফলত দুয়োখন ৰাষ্ট্ৰৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰাৰ লগতে বহু লোক মৃত্যুমুখত পৰাৰ সম্ভাৱনা থাকে। যদি আমি আমাৰ সীমা পাৰ নকৰো,তেন্তে আপোনালোকে কিয় কৰে" বুলি চীনক উদ্দেশ্যি প্ৰশ্ন উত্থাপন কৰে নেতাগৰাকীয়ে। ১৫ জুনত লাডাখত চীন সেনাৰ আক্ৰমনত ২০ গৰাকীকৈ ভাৰতীয় সেনা জোৱানৰ মৃত্যুৰ পাছতে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে ৰামদাস আথৱালে।
লগতে চাওকঃ নৰ বিৰুদ্ধে অসামৰিক বিকল্পৰ উদ্ভাৱন কৰা উচিত ভাৰতে