ETV Bharat / briefs

গুজৰাটত মঙলবাৰে কেবাটাও প্ৰকল্পৰ শিলান্যাস কৰিব মোদীয়ে

author img

By

Published : Dec 14, 2020, 5:36 PM IST

সোমবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃত্তিযোগে এই কথা প্ৰকাশ কৰে । ডিজেলিনেছন প্ৰকল্প, হাইব্ৰিড পুনৰ নবীকৰণযোগ্য শক্তি উদ্যান, স্বয়ংচালিত গাখীৰ প্ৰচেচিং এণ্ড পেকেজিং প্ৰকল্পৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

PM Modi to lay foundation stone for projects in Kutch on Dec 15

নতুন দিল্লী, ১৪ ডিচেম্বৰ : অহা ১৫ ডিচেম্বৰত গুজৰাটলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে কচ্ছৰ দৰ্ধ'লৈ যাত্ৰা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । সোমবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃত্তিযোগে এই কথা প্ৰকাশ কৰে । ডিজেলিনেছন প্ৰকল্প, হাইব্ৰিড পুনৰ নবীকৰণযোগ্য শক্তি উদ্যান, স্বয়ংচালিত গাখীৰ প্ৰচেচিং এণ্ড পেকেজিং প্ৰকল্পৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

এই অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব । প্ৰধানমন্ত্ৰীয়ে ক্ষেত্ৰ পৰিদৰ্শন কৰিব আৰু তাৰ পিছত সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিব । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা বিবৃত্তিত উল্লেখ কৰা হৈছে যে, ডিজেলিনেছন প্ৰকল্পৰ জৰিয়তে সাগৰৰ পানী খোৱাৰ যোগ্য কৰি তোলা হ'ব । প্ৰতিদিনে ১০ মিলিয়ন লিটাৰ ক্ষমতাসম্পন্ন এই প্ৰকল্পই জল সুৰক্ষা শক্তিশালী কৰিব । মুন্দ্ৰা, লখপট, অব্দছা আৰু নখতৰানা ক্ষেত্ৰৰ প্ৰায় ৮ লাখ লোকে খোৱাপানী লাভ কৰিব ।

গুজাৰটৰ কচ্ছ জিলাৰ বিঘাকোট গাঁৱত হাইব্ৰিড পুনৰ নবীকৰণযোগ্য শক্তি উদ্যান স্থাপন কৰা হ'ব । ৭২,৬০০ হেক্টৰ ভূমিত ৩০ গিগা ৱাট পৰ্যন্ত শক্তি যোগান ধৰাতো সম্ভৱ কৰি তুলিব এই নতুন প্ৰকল্পই । চৰহদ ডেইৰী অঞ্জৰত গাখীৰ প্ৰচেচিং এণ্ড পেকেজিং প্ৰকল্পৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পত প্ৰতিদিনে ২ লাখ লিটাৰ গাখীৰ প্ৰচেচিং কৰাৰ ক্ষমতা থাকিব ।

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি ‘ৰিয়াজ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.