বাক্সা, ১০ জুন: বাক্সাৰ তামুলপুৰ থানাৰ অন্তৰ্গত মাদালবাৰীত বুধবাৰে হিতেশ বড়ো নামৰ এজন যুৱকৰ দেহত ধৰা পৰে কোভিড-১৯ উপস্থিতি । প্ৰাপ্ত তথ্য অনুসৰি, তামিল নাডুত কৰ্মৰত যুৱক হিতেশ বড়োৱে যোৱা ২৯ মে' তাৰিখে তামিলনাডুৰ পৰা আহি কোকৰাঝাৰৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল ।
যোৱা ২৯ মে'ৰ দিনা স্বাৱ সংগ্ৰহ কৰাৰ পিছত ফলাফল নিগেটিভ ওলোৱাত হিতেশ বড়োক ৪ জুনৰ দিনা কোকৰাঝাৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা তামুলপুৰ মহকুমাৰ আন ৪ জন লোকৰ সৈতে তামুলপুৰলৈ লৈ যোৱা হয় গাঁওখনৰ ১নং মাদালবাৰী প্ৰাথমিক বিদ্যালয়ত হোম কোৱৰেণ্টাইন কৰা হয় ।
৮ জুনত পুনৰ হিতেশ বড়োৰ স্বাৱ সংগ্ৰহ কৰা হয় আৰু ফলাফলস্বৰূপে কোভিড-১৯ পজিটিভ নিশ্চিত হোৱা বুলি তামুলপুৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ড০ গৌতম মেধিয়ে জানিবলৈ দিয়ে । ইয়াকে লৈ গাঁওখনত আতংকৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে । ইতিমধ্যে তামুলপুৰ স্বাস্থ্য বিভাগে হিতেশ বড়োক বৰপেটা মেডিকেললৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে । তামুলপুৰ মহকুমাত এতিয়ালৈকে ৬ জন লোক কোভিড-১৯ত আক্ৰান্ত হয় । ইয়াৰে প্ৰফুল্ল ডেকা নামৰ লোকজন সুস্থ হৈ চিকিৎসালয়ৰ পৰা উভতি আহে ।
লগতে পঢ়ক: কৰ'ণা সংক্ৰমণ প্ৰতিৰোধমূলক কৰ্মত শিক্ষক জন পায়েঙৰ প্ৰসংশনীয় পদক্ষেপ