ETV Bharat / briefs

গোলাঘাটত তেল চোৰ চক্ৰৰ উৎখাত-৬ জনক গ্ৰেপ্তাৰ - ASSAM GOLAGHAT OIL THIEF NEWS

গোলাঘাটত তেল চোৰ চক্ৰ উৎখাত। গোলাঘাটৰ জামুগুৰি থানাৰ অন্তৰ্গত আইতনীয়া মিৰিগাঁৱৰ "দ" চুকত উৎখাত কৰে চোৰৰ চক্ৰটোক। জামুগুৰি আৰক্ষীৰ এক অভিযানত উৎখাত হয় তেল চোৰৰ চক্ৰটো। তেল চোৰৰ লগত জড়িত ৬ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গোলাঘাটত তেল চোৰ চক্ৰৰ উৎখাত-৬ জনক গ্ৰেপ্তাৰ

author img

By

Published : Sep 7, 2020, 6:09 PM IST

গোলাঘাট, ৭ চেপ্তেম্বৰঃ বহু সময় ধৰি গোলাঘাটৰ তেল চুৰি কাৰ্যৰ লগত জড়িত হৈ থকা এটা তেল চোৰৰ চক্ৰক গোলাঘাট আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হয়। গোলাঘাটৰ জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা এক অভিযানত তেল চোৰৰ এক বৃহৎ চক্ৰক উৎখাত কৰিবলৈ সক্ষম হয়। অভিযানৰ সময়ছোৱাত চোৰৰ দলটোৰ মুখ্য অভিযুক্ত বিজিত বৰাই অৱশ্যে পলায়ন কৰে৷ আৰক্ষীয়ে আইতনীয়া মিৰিগাঁৱৰ "দ" চুকৰ বিজিত বৰাৰ ঘৰত চলোৱা অভিযানত এখন তেল ভৰ্তি AS-05B-2525 নম্বৰৰ টেংকাৰসহ আঢ়ৈশ লিটাৰ তেল ভৰ্ত্তি ৪৫টা ড্ৰাম,এখন ট্ৰেকাৰ আৰু ৮০ টা খালি ড্ৰাম জব্দ কৰে৷

ইয়াৰ উপৰিও বিজিতৰ সহযোগী গোলাঘাটৰ টেনপুৰৰ আব্দুল কাচিম,চিৰাজুদ্দিন আহমেদ,বেঙেনাখোৱাৰ ৰিন্টু বৰা,কুঁৱৰী পথাৰৰ টুডু বাউৰি,দৈয়াং চাহ বাগিচাৰ চুৰেন বাউৰি আৰু বিজয় বৰাক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে তালাচী চলাওতেই তেল চোৰ বিজিত বৰাই ঘৰৰ পিছফালৰ পথাৰৰ মাজেৰে পলাই যাবলৈ সক্ষম হয়৷ পূৰ্বৰে পৰা আৰক্ষীয়ে বিজিতৰ বিৰুদ্ধে অভিযান নচলোৱাৰ বাবে চুৰিৰ পৰিসৰ বৃদ্ধি কৰি বৃহৎ তেল চোৰৰ এটা গেং গঠন হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। এই তেল চুৰিৰ দ্বাৰা অতি কম সময়তে দ চুকত এটা সুন্দৰ আট্টালিকা নিৰ্মাণ কৰাৰ লগতে অগাধ ধন সম্পত্তিৰ মালিক হ’ল বিজিত বৰা। বিজিত আৰু তেওঁৰ গেঙৰ সদস্যসকলক গ্ৰেপ্তাৰ কৰি অধিক তদন্ত কৰিলে এই তেল চোৰৰ লগত জড়িত বহু নামি দামী লোকৰ লগতে আৰক্ষীৰ লোক জড়িত থকাৰ পোহৰলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে সচেতন মহলে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.