ETV Bharat / briefs

নেপালত এদিনত ৩৩৪ গৰাকী লোকৰ ক'ৰণা পজিটিভ

author img

By

Published : Jun 4, 2020, 8:27 PM IST

নেপালত ২,৬৩৪ গৰাকীলৈ বৃদ্ধি কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা। ২৪ ঘণ্টাত ৩০০ ৰ অধিক লোকৰ দেহত পোৱা গৈছে ক'ৰণা ভাইৰাচৰ বিজাণু।

 covid 19
nepals single day covid 19 cases cross 300 mark for first time

ইণ্টাৰনেশ্যনেল ডেস্ক, ৪ জুনঃ নেপালত পোন প্ৰথমবাৰৰ বাবে এদিনত কোভিড-১৯ত আক্ৰান্ত হৈছে ৩০০ গৰাকীৰ অধিক লোক। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৩৩৪ গৰাকী লোকৰ ক'ৰণা পজিটিভ পোৱা গৈছে। লগতে,মৃত্যু হৈছে এজন ব্যক্তিৰ । ক'ৰণা পজিটিভ পোৱাসকলৰ ভিতৰত ৩১৯ জন পুৰুষ আৰু ১৫ গৰাকী মহিলা । বৃহস্পতিবাৰে নেপালৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে এই তথ্য।

nepals single day covid 19 cases cross 300 mark for first time
নেপালত এদিনত ৩৩৪ গৰাকী লোকৰ ক'ৰণা পজিটিভ

এদিনত ৩০০ গৰাকীৰ অধিক লোকৰ দেহত কোভিড-১৯ৰ উপস্থিতি লাভ কৰাৰ পাছত ৰাজ্যখনত ২,৬৩৪ লৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। নেপালত এই মহামাৰীত মুঠ ১০ জন লোকৰ মৃত্য়ু হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ২৯০ গৰাকীয়ে। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ৬৫ খন জিলাৰ ক'ৰণা আক্ৰান্ত মুঠ ২,৬৩৪ গৰাকী লোকৰ ভিতৰত ২,৪৫০ গৰাকী পুৰুষ আৰু ১৮৪ গৰাকী মহিলা।

লগতে চাওকঃ ডিব্ৰুগড়ৰ এজন অপ্ৰতিৰুদ্ধ যোদ্ধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.