নগাঁও,৩০ এপ্ৰিল: ৰাজ্যত ধাৰাবাহিকভাৱে সাংবাদিক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে মঙলবাৰে নগাঁৱত ৰূপায়ন কৰা হয় প্ৰতিবাদী আন্দোলন । সদৌ অসম সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ । হাতে-হাতে ক'লা কাপোৰ লৈ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপত সাব্যস্ত কৰা অৱস্থান ধৰ্মঘট । প্ৰতিবাদী কাৰ্যসূচীত দোষীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।
আনহাতে, সাংবাদিকসকলৰ সুৰক্ষাৰ বাবে এখন সুকীয়া আইন প্ৰণয়নৰ বাবেও দাবী জনায় প্ৰতিবাদকাৰীসকলে । এই প্ৰতিবাদী আন্দোলনত সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিক সহযোগ কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ।