ETV Bharat / briefs

দুগৰাকী আদৰ্শ শিক্ষয়ত্ৰীৰ কাহিনীৰে..

দক্ষিণ কৰিমগঞ্জ শিক্ষাখণ্ডৰ অন্তৰ্গত 922 নং শিশু কল্যাণ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ যুথিকা ৰুদ্ৰপাল আৰু অৰ্পিতা নাথে দেওবাৰে শ্ৰেণীকোঠাৰ দেৱালত ৰং সানি বিদ্যালয়খনত সৃষ্টি কৰিলে এক শৈক্ষিক বাতাবৰণৰ

শ্ৰেণীকোঠাৰ দেৱালত ৰং দিয়াত ব্যস্ত কৰিমগঞ্জৰ দুগৰাকী শিক্ষয়ত্ৰী
author img

By

Published : Jun 6, 2019, 6:46 PM IST

কৰিমগঞ্জ, 6জুন: শিক্ষাখণ্ডত ন-ন- কৌশলে শিক্ষাৰ মূল নহয়, শিক্ষা গ্ৰহণ কৰাৰ বাবে সকলো শিক্ষাৰ্থীকে এক সুস্থিৰ পৰিৱেশৰো প্ৰয়োজন হয় । তাৰেই যেন নিদৰ্শন দাঙি ধৰিলে দক্ষিণ কৰিমগঞ্জ শিক্ষাখণ্ডৰ অন্তৰ্গত 922 নং শিশু কল্যাণ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ দুগৰাকী শিক্ষয়ত্ৰীয়ে । শিক্ষক দুগৰাকীৰ নাম যুথিকা ৰুদ্ৰপাল আৰু অৰ্পিতা নাথ । দেওবাৰে দুয়োগৰাকী শিক্ষয়ত্ৰীয়ে বিদ্যালয়খনৰ কোঠাৰ দেৱালত ৰং দি বিদ্যালয়খনত এক শৈক্ষিক বাতাবৰণৰ সৃষ্টি কৰি তুলিলে ।

শ্ৰেণীকোঠাৰ দেৱালত ৰং দিয়াত ব্যস্ত কৰিমগঞ্জৰ দুগৰাকী শিক্ষয়ত্ৰী

উল্লেখযোগ্য যে, বিদ্যালয়খনত এটা শ্ৰেণী কোঠাৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰী সংখ্যা 135গৰাকী । আঠ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীৰ মাজৰে ছয় গৰাকী হৈছে মহিলা শিক্ষয়ত্ৰী । যি সময়ত চৰকাৰী বিদ্যালয়ত ৰাজ্য চৰকাৰে অৱলম্বিত কৰা ন-ন নিয়মক লৈ প্ৰশ্ন উত্থাপন হৈছে,সেই সময়তে দক্ষিণ কৰিমগঞ্জৰ শিক্ষয়ত্ৰী দুগৰাকীয়ে দাঙি ধৰা কৰ্মৰ উৎকৃষ্ট নিদৰ্শনে সকলোকে আপ্লুট কৰিছে । ইতিমধ্যেই শিক্ষয়ত্ৰী দুগৰাকীৰ এই কৰ্ম যথেষ্ট চৰ্চিত হৈ পৰিছে চ'ছিয়েল মিডিয়াতো ।

Intro:Body:SLUG : AADORKHO TEACHERS.

দীৰ্ঘদিন বিদ্যালয়ত অনুপস্থিত । অথচ দৰমহা ঠিকেই পাইছে একাংশ শিক্ষকে । একাংশই আকৌ নিজে বিদ্যালয়ত উপস্থিত নোহোৱাকৈ ভাৰাতীয়া শিক্ষকৰে চলিইছে পাঠদান । আন কোনোবাই আকৌ জৰিত হৈছে বিত্তীয় কেলেংকাৰীত । কিন্তু কেৱল পাঠ্যপুথিৰ ভিতৰত শিক্ষা ব্যবস্থা সীমাবদ্ধ নাৰাখি দেওবাৰ অৰ্থাত বন্ধৰ দিনাও বিদ্যালয়ত উপস্থিত হৈ শ্ৰেণী কোঠাৰ দেৱালত নিজ হাতে ৰং লগাই সামাজিক দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰিছে কৰিমগঞ্জৰ দুই গৰাকী শিক্ষয়িত্ৰিয়ে । দক্ষিণ কৰিমগঞ্জ শিক্ষা খন্ডৰ অন্তৰ্গত 922 নং শিশু কল্যাণ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ দুই গৰাকী শিক্ষয়িত্ৰি যথাক্ৰমে যুথিকা ৰুদ্ৰপাল আৰু অৰ্পিতা নাথে যোৱা দেওবাৰে গোটেই দিন পৰিশ্ৰম কৰি বিদ্যালয়ৰ প্ৰায় আশী শতাংশ ৰং নিজ হাতে লগাইছে । অহা দেওবাৰে এওঁলোকে সম্পন্ন কৰিব এশ শতাংশ ৰং দিয়াৰ কাম । ইতিমধ্যে ছছিয়েল মিডিয়াত এই দুই শিক্ষয়িতিৰ কৰ্মকাণ্ড যথেষ্ট চৰ্চিত হৈছে । উল্লেখযোগ্য যেন এইখন বিদ্যালয়ত আছে এটা মাত্ৰ শ্ৰেণী কোঠা । আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা 135 । আট জন শিক্ষক শিক্ষয়িত্ৰিৰ মাজত ছয়জন হৈছে মহিলা । শ্ৰেনী কোঠাৰ অভাৱত বিদ্যালয়ৰ বাহিৰেও পাঠদান কৰাব লগা হয় এই বিদ্যালয়ত ।

06-06-2019
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.