ডিব্ৰুগড়, ১৬ ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ স্বাস্থ্য খণ্ডত চলি থকা কামৰ পৰ্যালোচনাৰ বাবে আজি ডিব্ৰুগড় জিলাৰ স্বাস্থ্য সমিতিৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ ভাৰপ্ৰাপ্ত উপায়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় এই বৈঠক ৷ সভাত প্ৰথমেই এণ্টি নাটাল চেক আপৰ বাবে জিলাখনত চলিত বৰ্ষত কিমান গৰ্ভৱতী মহিলাই পঞ্জীয়ন কৰিছে,পঞ্জীয়ন হোৱা মহিলাসকলে কেইবাৰকৈ এণ্টি নাটাল চেক আপ কৰিছে, এই সময়চোৱাত কিমান সংখ্যক হাই ৰিস্ক থকা গৰ্ভৱতী মহিলাক চিনাক্ত কৰা হৈছে তথা তেওঁলোকৰ কিমান সংখ্যকক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে আদি সন্দৰ্ভত আলোচনা কৰা হয় ৷
এই সভাতে নৱজাতকৰ মৃত্যুৰ কাৰণ আৰু অসম চিকিৎসা মহাবিদ্যালয় আৰু সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা ব্যৱস্থাৰো পৰ্যালোচনা কৰা হয় ৷ সভাত অতিৰিক্ত উপায়ুক্ত ডিপু কুমাৰ ডেকা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কৃষ্ণা কেম্প্ৰাই আৰু স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷
লগতে চাওক : দুদিনীয়া ভ্ৰমণসমূচীৰে ওমানত উপস্থিত বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণ