ETV Bharat / briefs

জোনাইত মাছ মাৰিবলৈ গৈ সন্ধানহীন যুৱক, উদ্ধাৰ অভিযান অব্যাহত

জোনাই আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে যুৱক জনৰ সন্ধানত অভিযান আৰম্ভ কৰে যদিও বৰ্তমানলৈ  যুৱকজনৰ  কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

Man missing in Jonai
জোনাইত মাছ মাৰিবলৈ গৈ সন্ধানহীন যুৱক, উদ্ধাৰ অভিযান অব্যাহত
author img

By

Published : Oct 1, 2020, 8:50 PM IST

জোনাই ১ অক্টোবৰঃ জোনাইত মাছ মাৰিবলৈ গৈ সন্ধানহীন হৈছে এজন যুৱক ৷ জোনাই বেৰা বেঙ্গলী গাওঁৰ বিৰেন দাস নামৰ যুৱকজনে বৃহস্পতিবাৰে পুৱতি নিশা ঘৰৰ পৰা অকলশৰে কাষৰে জোনাই নদীত মাছ মাৰিবলৈ বুলি ওলাই গৈ উভতি নহাত পৰিয়ালৰ লোক আৰু ৰাইজে বিছাৰিবলৈ আৰম্ভ কৰে যদিও বাতৰি সংগ্ৰহ কৰালৈকে যুৱক জনৰ কোনো শুংসূত্ৰ লাভ কৰা নাই ৷

জানিব পৰা মতে, বিবাহিত যুৱক জনে জাল লৈ ঘৰত পুৱা ৫ বজাতে মাছ মাৰিবলৈ যাও বুলি কৈ উলাই গৈছিল ৷ কিন্তু দুপৰীয়া সময়লৈ যুৱকজন ঘৰলৈ উভতি নহাত পৰিয়ালে বিচাৰ খোচাৰ আৰম্ভ কৰে ৷ কিন্ত যুৱকজনৰ কোনো শুংসূত্ৰ নোপোৱাত ৰাইজে নাওলৈ নদীত বিচাৰিবলৈ আৰম্ভ কৰে ৷ ইয়াৰ পিছতো যুৱকজনৰ সন্ধান নোলোৱাত স্থানীয় আৰক্ষীক খৱৰ দিয়াত জোনাই আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে যুৱক জনৰ সন্ধানত অভিযান আৰম্ভ কৰে যদিও বৰ্তমানলৈ যুৱকজনৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷
লগতে পঢ়ক: ডিলাই আৰক্ষীৰ জালত চুৰি বিলাসী বাহনসহ এজন লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.