লখিমপুৰ,১৭মে' : লখিমপুৰ জিলাৰ কদম বাখানৰ শিমলুতোলাৰ এজন কৃতিমান ছাত্ৰ । নাম যাদৱ সন্দিকৈ । বুধবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যাদৱে ৫১৪ নম্বৰেৰে লাভ কৰিবলৈ সক্ষম হৈছিল ডিষ্টিংচন । অতি দৰিদ্ৰ পৰিয়ালৰ যাদৱৰ সাফল্যত তেওঁৰ মাতৃ আনন্দিত হোৱাৰ বিপৰিতে এতিয়া চিন্তিত হৈ পৰিছে । কিয়নো, পিতৃহাৰা যাদৱৰ মাতৃ এগৰাকী বিদ্যালয়ৰ ৰান্ধনী । ৰান্ধনী হিচাপে কাম কৰি লাভ কৰা টকাৰে ঘৰখন চলোৱাৰ লগতে যাদৱক শিক্ষাৰ সকলো সামগ্ৰী দিবলৈ চেষ্টা কৰিছিল মাতৃয়ে ।সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ এতিয়া উচ্চ শিক্ষাৰ বাবে চিন্তিত যাদৱৰ মাতৃ । কিয়নো যাদৱক উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰিবলৈ মাতৃৰ হাতত নাই ধন । যাৰ বাবে মাতৃয়ে ৰাইজৰ পৰা বিচাৰিছে অলপ সহায়, যাতে ভালদৰে পঢ়া-শুনা কৰি সমাজৰ বাবে কিবা এটা কৰাৰ হেঁপাহ পুহি ৰখা যাদৱৰ সপোন পূৰ হয় ।
সন্তানৰ সাফলতাত চিন্তিত মাতৃ - উচ্চ শিক্ষা
লখিমপুৰ জিলাৰ কদম বাখানৰ শিমলুতোলাৰ যাদৱ সন্দিকৈ নামৰ ছাত্ৰজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫১৪ নম্বৰেৰে লাভ ডিষ্টিংচন সহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে