মৰাণ, ১১ নৱেম্বৰ: দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, সততা, কৰ্মনিষ্ঠাৰ প্ৰতীক বীৰ লাচিত বৰফুকনক সুঁৱৰি প্ৰতিবছৰে ২৪ নৱেম্বৰ দিনটো অনুষ্ঠিত কৰা হয় লাচিত দিৱস । এইবেলি অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত মৰাণৰ ধেমেচীত কেন্দ্ৰীয়ভাৱে লাচিত দিৱস অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে । বুধবাৰে ধেমেচীত উপস্থিত হৈ লাচিত দিৱসৰ প্ৰস্তুতিৰ বুজ লয় মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই।
![Lachit Divas will celebrate at Moran Dhemechi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04:28:28:1605092308_a-moran-8025to8031-centrallachitdivaswillcelebrateatmorandhemechi-as10031_11112020161519_1111f_1605091519_331.jpg)
লাচিত দিৱস অনুষ্ঠিত হ'ব লগীয়া ধেমেচি হাইস্কুলৰ খেলপথাৰ পৰিদৰ্শন কৰি দুয়োগৰাকীয়ে লাচিত দিৱস উদযাপন সন্দৰ্ভত অঞ্চলটোৰ নেতৃস্থানীয় ৰাইজৰ সৈতেও এক আলোচনাত মিলিত হয় ৷ পৰিদৰ্শনকালত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰ, মৰাণৰ ৰাজহ চক্ৰ বিষয়া লুকুমনি বৰা ৷ উল্লেখ্য যে, লাচিত দিৱস কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
![Lachit Divas will celebrate at Moran Dhemechi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04:28:27:1605092307_a-moran-8025to8031-centrallachitdivaswillcelebrateatmorandhemechi-as10031_11112020161519_1111f_1605091519_459.jpg)
লগতে পঢ়ক : আৰক্ষীৰ অভিযানত জব্দ অবৈধ মটৰভৰ্তি ট্ৰাক