ETV Bharat / briefs

দৰিদ্ৰতাক নেওচি সাফল্য লাভ কাৰ্বি আংলঙৰ ছাত্ৰৰ - তুলিৰাম ৰংহাং

দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত পশ্চিম কাৰ্বি আংলঙৰ তৰাডুবিৰ বিশ্বজিৎ মেধিয়ে সকলো বিষয়তে লেটাৰ সহ মুঠ ৫১০নম্বৰ লাভ কৰে, বিশ্বজিতৰ সাফল্যত আনন্দিত অঞ্চলবাসী ৷

দৰিদ্ৰতাক নেওচি সাফল্য লাভ কাৰ্বি আংলঙৰ ছাত্ৰৰ
author img

By

Published : May 18, 2019, 7:37 PM IST

কাৰ্বি আংলং,১৮মে' : শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে । তাৰেই প্ৰমাণ দাঙি ধৰিলে পশ্চিম কাৰ্বি আংলঙৰ তৰাডুবিৰ বিশ্বজিৎ মেধিয়ে । বুধবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশ্বজিতে সকলো বিষয়তে লেটাৰ সহ মুঠ ৫১০নম্বৰ লাভ কৰে । অতি দৰিদ্ৰ পৰিয়ালৰ বিশ্বজিতৰ পিতৃয়ে বাঁহ বেতৰ সামগ্ৰী নিৰ্মাণ কৰি গাওঁখনৰ ঘৰে-ঘৰে বিক্ৰী কৰি পৰিয়ালটো পোহপাল দিয়ে । বিশ্বজিতেও স্কুলৰ পৰা আহি প্ৰতিদিনেই দেউতাকৰ কামত সহায় কৰিছিল । নিজ শিক্ষাৰ লগতে দেউতাকক সহায় কৰা বিশ্বজিতৰ সাফল্যত পিতৃ-মাতৃৰ লগতে অঞ্চলজুৰি আনন্দিত হৈ পৰিছে ।

দৰিদ্ৰতাক নেওচি সাফল্য লাভ কাৰ্বি আংলঙৰ ছাত্ৰৰ

ইফালে, ভবিষ্যতে এগৰাকী সফল অভিযন্তা হোৱাৰ সপোন পুহি ৰখা বিশ্বজিতক আগন্তুক দিনত শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ অঞ্চলবাসীয়ে বিচাৰিছে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিশ্বজিতক সহায় কৰাতো ।

Intro:Body:শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে | মনৰ প্ৰৱল ইচ্ছা,একাগ্ৰতা থাকিলে সফলতা লাভ কৰাটো নিশ্চিত , এই কথাশাৰীকে প্ৰমান কৰি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পশ্চিম কাৰ্বি আংলঙৰ তৰাডুবিৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান বিশ্বজিত মেধিয়ে ৮৫ শতাংশ নম্বৰ লাভ কৰি সমগ্ৰ অঞ্চলটোলৈকে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।অতি দৰিদ্ৰ পৰিয়ালটোৰ বিশ্বজিতৰ পিতৃয়ে বাঁহ বেতৰ সামগ্ৰী নিৰ্মাণ কৰি গাওঁখনৰ ঘৰে ঘৰে বিক্ৰী কৰি পৰিয়ালটো কোনোমতে পোহপাল দি আহিছে ৷ বিশ্বজিতেও স্কুলৰ পৰা আহিয়েই প্ৰতিদিনেই দেউতাকৰ কামত সহায় আগবঢ়াছিল ৷ ডলা- চালি নিৰ্মাণ কৰি বিক্ৰী কৰা পিতৃৰ ত্যাগৰ সন্মান ৰাখিবলৈ সক্ষম হ'ল মেধাৱী বিশ্বজিতে। ঘৰখনৰ দৰিদ্ৰতাক চেৰ পেলাই নিজৰ মেধাৰে দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা অমায়িক ছাত্তজনে সকলো বিষয়তে লেটাৰ সহ মুঠ ৫১০নম্বৰ লাভ কৰে।দৈনিক প্ৰায় দুই ঘণ্টাকৈ অধ্যয়ন কৰি দেউতাকৰ কামত সহায় কৰিছিল বিশ্বজিতে।ভবিষ্যতে এগৰাকী সফল অভিযন্তা হোৱাৰ সপোন পুহি ৰখা বিশ্বজিতৰ ভবিষ্যতৰ বাটত এতিয়া প্ৰধান অন্তৰায় হৈ দেখা দিছে পৰিয়ালটোৰ দৰিদ্ৰতা।কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নিজ পৰিষদীয় সমষ্টি বিথুং ৰেংথামাৰ অন্তৰ্গত এই দৰিদ্ৰ ছাত্ৰজনলৈ তুলিৰাম ৰংহাঙে সহায়ৰ হাত আগবঢ়াব বুলি অঞ্চলবাসী সকলোৱে আশা প্ৰকাশ কৰিছে।

BYTE 1 : বিশ্বজিত মেধি ৷
BYTE 2 : বিশ্বজিতৰ পিতৃ ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.