ETV Bharat / briefs

আৰ্থিক দৈন্যতা এতিয়া হেঙাৰ মৃগাংকৰ বাবে ... - প্ৰণিতা বৰুৱা

কলিয়াবৰৰ মৃগাংক বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮২%ৰে সফলতা লাভ কৰিলে ৷ মৃগাংকৰ সফলতাত এতিয়া আনন্দিত অঞ্চলবাসী কিন্তু আৰ্থিক অনাটন এতিয়া হেঙাৰ হৈ থিয় দিছে এইজন মেধাৱী ছাত্ৰৰ বাবে ৷

কলিয়াবৰৰ কৃতিমান ছাত্ৰ
author img

By

Published : May 19, 2019, 11:14 PM IST

কলিয়াবৰ, 19মে' : দৰিদ্ৰতা শিক্ষাৰ হেঙাৰ নহয় ৷ ইয়াৰ প্ৰমাণ দাঙি ধৰিলে কলিয়াবৰৰ মৃগাংক বৰুৱাই ৷ কলিয়াবৰ মহকুমাৰ কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ৮২%ৰে উজ্বলি উঠিল মৃগাংক ৷ বৰুৱা গাঁৱৰ ভূজেন বৰুৱা আৰু প্ৰণিতা বৰুৱাৰ একমাত্ৰ পুত্ৰ মৃগাংকৰ এই সাফল্যত আনন্দিত মৃগাংকৰ পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী ৷ মৃগাংকই চাৰিটা বিষয়ত লেটাৰসহ অসমীয়াত ৮৩, ইংৰাজীত ৮০, সাধাৰণ গণিতত ৮৭, সাধাৰণ বিজ্ঞানত ৭৭, সমাজ বিজ্ঞানত ৭৭, ঐছিক ভূগোলত ৮৭ নম্বৰ লাভ কৰি মুঠ ৪৯২ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ মৃগাংকৰ পিতৃয়ে কলৰ ক্ষুদ্ৰ ব‍্যৱসায় আৰু স্থানীয় ভাওনা-সভাত চানা বিক্ৰী কৰি পৰিয়ালটোক ভৰণ-পোষণ দিয়াৰ লগতে পুত্ৰৰ পঢ়া-শুনাৰ খৰচ বহন কৰে ৷ মৃগাংকয়ো পিতৃৰ কামত পাৰ্যমানে সহায় কৰি দিছিল ৷ পুত্ৰৰ সাফল্যত পিতৃ আনন্দিত যদিও মৃগাংকৰ উচ্চ শিক্ষাৰ বাবে চিন্তিত হৈ পৰিছে ৷ কিয়নো, উচ্চ শিক্ষাৰ বাবে পিতৃ আৰ্থিক ভাৱে সক্ষম নহয় ৷ যাৰ বাবে মৃগাংকৰ পিতৃয়ে ই টি ভাৰতৰ সাংবাদিকৰ জৰিয়তে আৰ্থিক সাহাৰ্য্য বিচাৰে ৷ মৃগাংকই ভৱিষ্যতে এগৰাকী বেংক বিষয়া হ'ব বিচাৰে ৷

Intro:দৰিদ্ৰতাৰ অমানিশাতো ৮২%ৰে উজ্বলি উঠিল মৃগাঙ্ক

চানা, কলৰ নিঃকিন ব‍্যৱসায়ীৰ পুত্ৰ সদ‍্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰি বিষয়ত লেটাৰসহ উত্তীৰ্ণ

বাণিজ‍্য বিভাগত পঢ়ি বেংক বিষয়াৰ হোৱাৰ সপোন
Body:দৰিদ্ৰতা আৰু অভাৱৰ ঘন-ঘোৰ অন্ধকাৰৰ মাজত পূৰ্ণিমাৰ জোন হৈ জিলিকিল কলিয়াবৰৰ মৃগাঙ্ক বৰুৱা। কলিয়াবৰ মহকুমাৰ কুঁৱৰীটোল উচ্চ মাধ‍্যমিক বিদ‍্যালয়ৰ ছাত্ৰ, বৰুৱা গাঁৱৰ ভূজেন বৰুৱা আৰু প্ৰণিতা বৰুৱাৰ একমাত্ৰ পুত্ৰ মৃগাঙ্কই সদ‍্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চাৰিটা বিষয়ত লেটাৰসহ ৮২% শতাংশ নম্বৰ লাভ কৰিছে।
অসমীয়া ৮৩, ইংৰাজী ৮০, সাধাৰণ গণিত ৮৭, সাধাৰণঢ়বিজ্ঞান ৭৭, সমাজ বিজ্ঞান ৭৭, ঐছিক ভূগোল ৮৭ নম্বৰ লাভ কৰি লাভ কৰিছে মুঠ – ৪৯২ নম্বৰ।
মৃগাঙ্কৰ এই ফলাফলে স্থানীয় ৰাইজক আনন্দিত কৰিছে। মৃগাঙ্কৰ পিতৃ ভূজেন বৰুৱা এগৰাকী কলৰ ক্ষুদ্ৰ ব‍্যৱসায়ী লগতে স্থানীয় ভাওনা-সভাহত চানা বেচি পৰিয়ালটোক ভৰণ-পোষণ দিয়াৰ লগতে পুত্ৰৰ পঢ়া-শুনাৰ খৰচ বহন কৰিছিল। পুত্ৰয়েও পিতৃক প্ৰতিটো কামতে পাৰ্য‍্যমানে সহায় কৰে। মাতৃয়েও বোৱা-কটা কৰি পৰিয়ালটো চলোৱাত ভূজেন বৰুৱাক সহায়ৰ হাত আগবঢ়াই। স্থানীয় কলিয়াবৰ মহাবিদ‍্যালয়ত উচ্চ মাধ‍্যমিকত বাণিজ‍্য শাখাত পঢ়ি ভৱিষ্যতে এগৰাকী বেংক বিষয়া হোৱা আকাংখ‍্য পুহি ৰাখিছে। আৰ্থিকভাবে পিচপৰা পৰিয়ালটোৰ অমানিশা উজ্জলাবলৈ এতিয়া মৃগাঙ্কক লাগিব সুহৃদজনৰ।Conclusion:visuals/bites
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.