হোজাই,২ মেঃ বৃহস্পতিবাৰে হোজাই জিলাৰ ডবকা কাণ্ডৰ লগত জড়িত থকা আব্দুল মতিন নামৰ অভিযুক্তক লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। হোজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত দীঘলজাৰুনী গাৱৰ শালবাগানত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ লগত জড়িত আছিল পাঁচজনকৈ অভিযুক্ত। ইতিমধ্যেই এই ঘটনাৰ লগত জড়িত থকা চাৰিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । বুধবাৰে ইয়াৰ শেষৰজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।
উল্লেখ্য যে, এগৰাকী যুৱতীয়ে ভিনিহীয়েকৰ লগত আলহী খাই ওভতি আহি থাকোতেই পাঁচজনকৈ লোকে বাট আগুচি ধৰি ভিনিহীয়েক গৰাকীক আক্ৰমণ কৰি যুৱতীগৰাকীক লৈ গৈছিল ঘন জংগলৰ মাজলৈ। পাঁচজনকৈ ভিনিহীয়েক যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ লগতে ভিডিঅ'ও কৰিছিল। যুৱতী গৰাকীৰ লগতে পৰিয়ালে ঘটনা সন্দৰ্ভত ডবকা থানাত এজাহাৰ দাখিল কৰাৰ পিচতে আৰক্ষীয়ে অভিযুক্ত চাৰিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও এজন ধৰ্ষণকাৰী পলাতক হৈ আছিল। অৱশেষত আৰক্ষীয়ে বৃহস্পতিবাৰে পলাতক হৈ থকা আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।